Breaking

মৰিগাঁও ছানডে লীগ দবাত ঈশান শ্ৰেষ্ঠ…

0 18

মৰিগাঁও জিলা দবা সন্থাই আয়োজন কৰা ছানডে লীগ দবা প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিছে ঈশান প্ৰতীম ডেকাই । মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত ৰাউণ্ডৰ খেলত প্ৰতিপক্ষ জ্যেষ্ঠ দবাৰু ডা: অৰুণ কুমাৰ নাথক পৰাজিত কৰি প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে । পাঁচ ৰাউণ্ডৰ প্ৰতিযোগিতা খনৰ আটাইকেইটা ৰাউণ্ডতে ঈশান অপৰাজেয় হৈ ৰয় ।

আনহাতে প্ৰতিযোগীতাত দ্বিতীয় স্থান লাভ কৰে মিঠু নাথে (৪.৫ ) , তৃতীয় থাকে উত্তম কুমাৰ বিশ্বাস ( ৪) , চতুৰ্থত ধ্ৰুৱজ্যোতি বাৰিক ( ৪) ,পঞ্চমত ডা: অৰুণ কুমাৰ নাথ ( ৩.৫) আৰু আয়ান কলিতাই (৩.৫) পইণ্টৰে প্ৰতিযোগিতাৰ ষষ্ঠ স্থান দখল কৰে । বিজয়ী সকলক মেডেল আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। মৰিগাঁও জিলা দবা সন্থাৰ সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব কৰা পুৰস্কাৰ বিতৰণী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্হিত থাকে মৰিগাঁও আবাকাচৰ সঞ্চালিকা সংঘমিত্ৰা নাথ মজুমদাৰ । বঁটা বিতৰণী সভাখনৰ আঁত ধৰে ইভেণ্ট মেনেজাৰ ভৱেশ ঠাকুৰিয়াই । উল্লেখ্য মৰিগাঁও ছানডে লীগ দবা প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ঈশান প্ৰতীম ডেকা কুশতলি মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।

Leave A Reply