Breaking

‘দ্য কেৰেলা ষ্ট’ৰী’ৰ প্ৰতি ভাবুকি ISISৰ! ছবি প্ৰদৰ্শন বন্ধ নকৰিলে ব্যৱস্থা ল’ব ISIS এ…

0 51

দ্য কেৰেলা ষ্ট’ৰীৰ বিতৰ্ক শেষ হোৱাই নাই। বৰ্তমান দেশ-বিদেশত চলি আছে দ্য কেৰেলা ষ্ট’ৰী ছবিখন। বক্স অফিচত এই ছবিখনে ২৫০ কোটিৰো অধিক অতিক্ৰম কৰিছে। বৰ্তমান এই ছবিখনৰ প্ৰতি ভাবুকি আহিছে। সন্ত্ৰাসবাদী সংগঠন আইছিছে ই-মেইল যোগে ভাবুকি প্ৰেৰণ কৰিছে ছবিখনলৈ। মেইলযোগে কোৱা হৈছে যে যদি ছবিখনৰ প্ৰদৰ্শনী বন্ধ নহয়, তেন্তে তেওঁলোকে ছবি খনৰ প্ৰতি বিহিত ব্যৱস্থা ল’ব।

ইফালে বিপুল শ্বাহৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ ছবি পৰিচালক সুদীপ্ত সেনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁক হস্পিতালত ভৰ্তি কৰিব লগা হৈছিল।

আচলতে The Kerala Story এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। ছবিখনত দেখুওৱা হৈছে যে কেনেকৈ আইছিছে অমুছলমান যুৱতীসকলক তেওঁলোকৰ কবলত ৰাখি ধৰ্মান্তৰিত কৰে। তাৰ পিছত তেওঁলোকক সন্ত্ৰাসবাদী হিচাপে ব্যৱহাৰ কৰে বা যৌন দাস কৰি তোলে। কেৰেলা কাহিনীৰ জৰিয়তে কেৰালা ৰাজ্যৰ তিনিগৰাকী ছোৱালীৰ কাহিনী দেখুৱা হৈছে। মুক্তিৰ পূৰ্বে প্ৰযোজকগৰাকীয়ে দাবী কৰিছিল যে যোৱা কেইবছৰমানৰ ভিতৰত কেৰালাৰ ৩২ হাজাৰ ছোৱালী আইছিছৰ ষড়যন্ত্ৰৰ বলি হৈছে। যদিও প্ৰযোজকৰ লগত বহুতৰে মতানৈক্য আছে আৰু এই ছবিখনক অপপ্ৰচাৰ বুলি অভিহিত কৰিছে।

Leave A Reply