Breaking

ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…

0 19

হামাছে যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামান পিচতে ইজৰাইলৰ সামৰিক বাহিনীয়ে ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ কৰিছে । যুদ্ধবিৰতিৰ ফলত গাজাত ৭ মাহৰ যুদ্ধৰ সমাপ্তি ঘটিব পাৰে বুলিও কোৱা হৈছিল । অৱশ্যে চুক্তি হ’ব নে নাই সেয়া অনিশ্চিত কিয়নো ইজৰাইলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে প্ৰস্তাৱটোৱে তেওঁলোকৰ মূল দাবী পূৰণ কৰা নাই ।

অস্থায়ী শিবিৰ আৰু জনবহুল এপাৰ্টমেণ্টত লোকসকল আবদ্ধ হৈ আছে । ইজৰাইলে কোৱা মতে ৰাফা হামাছৰ অন্তিম দুৰ্গ । আমেৰিকাই ইজিপ্তৰ সীমান্তৱৰ্তী চহৰখনত সম্পূৰ্ণ আক্ৰমণৰ বিৰোধিতা কৰে ।

ইজৰাইলী বিষয়াসকলে ইজিপ্তৰ লোকসকলক জনাইছিল যে অভিযান সম্পূৰ্ণ কৰাৰ পিচত সৈন্যসকল প্ৰত্যাহাৰ কৰিব । দেওবাৰে, ৰাফা ক্ৰছিঙৰ সমীপত হামাছৰ যুঁজাৰুসকলে দক্ষিণ ইজৰাইললৈ মৰ্টাৰ নিক্ষেপ কৰে, যাৰ ফলত ৪ জন ইজৰাইলী সেনা নিহত হয় ।

Leave A Reply