Breaking

চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ত কাউণ্ট–ডাউন দিয়া ISROৰ বিজ্ঞানী এন ভালাৰমথীৰ মৃত্যু

0 100

চন্দ্ৰযান–৩ মিছনৰ গুৰুত্বপূৰ্ণ সদস্য এন ভালাৰমথীৰ দেহাৱসান।

ISROৰ বিজ্ঞানী ভালাৰমথীয়ে চন্দ্ৰযান–৩ৰ উৎক্ষেপণৰ সময়ত কাউণ্ট–ডাউনৰ কাম কৰিছিল। তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিজ্ঞানীগৰাকীৰ।

তামিলনাডুৰ অৰিয়ালুৰৰ বাসিন্দা ভালাৰমথীৰ ৬৪ বছৰ বয়সত মৃত্যু হয় শনিবাৰে সন্ধিয়া। চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে বিজ্ঞানীগৰাকীয়ে।

ভালাৰমথীৰ মৃত্যুত ISROৰ প্ৰাক্তন বিজ্ঞানী ড০ পি ভি ভেংকটকৃষ্ণই দুখ প্ৰকাশ কৰে।

ছচিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লিখিছে, ‘‘শ্ৰীহৰিকোটাৰ পৰা ইছৰোৰ ভৱিষ্যত মিছনৰ কাউণ্ট–ডাউনত ভালাৰমথী বাইদেউৰ কণ্ঠ আৰু শুনা নাযাব। চন্দ্ৰযান–৩ তেওঁৰ অন্তিম কাউণ্ট–ডাউন আছিল। বহুত দুখ পাইছে… প্ৰণাম…।’’

Leave A Reply