Breaking

গৌৰীপুৰত ফাৰ্টিলাইজাৰৰ অভিজ্ঞতা নথকা ব্যক্তিক লৈ ফাৰ্টিলাইজাৰৰ অনুজ্ঞা পত্ৰ প্ৰদান , মাধমাৰ সোধাইছে কৃষক ৰাইজক

0 70

কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ! আপোনাৰ কৃষি বিভাগৰ পয়ালগা ছবিয়ে কৃষি বিভাগত বাৰু কৈ কালিমা সানিছে। ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ কৃষি বিষয়াই ধনৰ লালসাত পৰি ফাৰ্টিলাইজাৰৰ ওপৰত সামান্য মাত্ৰ জ্ঞান নথকা ব্যক্তিক ফাৰ্টিলাইজাৰৰ দোকানৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰাত শ শ কৃষক ৰাইজ বিমোৰত পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাধীন আলমগঞ্জ বজাৰৰ নুৰ ফাৰ্টিলাইজাৰ বিৰুদ্ধে দুৰ্নীতিৰ বাতৰি মাৰ নৌযাওঁতেই পুনৰ আন এক ফাৰ্টিলাইজাৰৰ বিৰুদ্ধে তুলিছে এক মাৰাত্মক অভিযোগ।

সাহেবগঞ্জ বজাৰৰ ছুৰত আলী বীজ ভাণ্ডাৰৰ পৰা কৃষিজাত ঔষধ ক্ৰয় কৰি নি ভেণ্ডী খেতিত প্ৰয়োগ কৰাৰ দুদিন পিছতেই পুৰি ছাই হয় ভেণ্ডী গছ। কৃষিজাত ঔষধৰ অ – আ জ্ঞান নথকা ব্যক্তিয়ে বিক্ৰী কৰা ঔষধ দি সৰ্ব শান্ত হল এজন খেতিয়ক। খেতিয়ক জন হৈছে লালকুৰা দ্বিতীয় খণ্ড গাওঁৰ আজগৰ আলী । ভেণ্ডী খেতিয়ক আজগৰ আলীৰ খেতি পথাৰৰ ক্ষতিপূৰণ কোনে দিব ? ছুৰত আলী বীজ ভাণ্ডাৰৰ ওপৰত কৃষিমন্ত্ৰী অতুল বৰা, জিলা উপায়ুক্ত আম্বামুথন এম পিয়ে কেনেপদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব।

Leave A Reply