Breaking

মানসিকতাৰ পৰিবৰ্তনৰ বাবেহে দেশৰ উন্নতি সম্ভৱপৰ হৈছে-প্ৰধান মন্ত্ৰী গতিশক্তি যোজনা সন্দৰ্ভত উদ্যোগ মন্ত্রী বিমল বড়া…

0 20

মানসিকতাৰ পৰিবৰ্তনৰ বাবেহে দেশৰ উন্নতি সম্ভৱপৰ হৈছে-প্ৰধান মন্ত্ৰী গতিশক্তি যোজনা সন্দৰ্ভত উদ্যোগ মন্ত্রী বিমল বড়া
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো দিশতে নাগৰিকসকলৰ মানসিকতাৰ পৰিবৰ্তন সাধনৰ ক্ষেত্রত উদ্যোগ লোৱা বাবেহে আজি দেশৰ উন্নতি সম্ভৱপৰ হৈছে -দিছপুৰ জনতা ভৱনত ৰাজ্যৰ উদ্যোগ বিভাগে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ বাবে প্ৰধানমন্ত্ৰী মন্ত্রী গতি শক্তি যোজনা সন্দৰ্ভত আয়োজন কৰা এক প্ৰশিক্ষণ মূলক কাৰ্যসূচীত বিষয়া সকলক সম্বোধন কৰি দিয়া ভাষণত উদ্যোগ মন্ত্রী বিমল বড়াই এইদৰে কয়।
অসমত প্ৰধানমন্ত্ৰী গতি শক্তি যোজনা ৰূপায়ণৰ ক্ষেত্রত সকলো কাম নিজৰ বুলি ললেহে প্ৰকৃতাৰ্থত এই আঁচনি ৰূপায়ণ সম্ভৱপৰ হৈ উঠিব বুলি মন্ত্রী গৰাকীয়ে বিষয়া সকলৰ আগত কয়।

মূল্য সংযোজনৰ জৰিয়তে কিদৰে পুৰণি সামগ্রী এবিধক নতুনকৈ বিপণনৰ জৰিয়তে উপস্হাপন কৰিব পাৰি সেই ক্ষেত্রত গুৰুত্ব আৰোপ কৰি উদ্যোগ মন্ত্রী বড়াই প্ৰধানমন্ত্ৰী মন্ত্রী গতি শক্তি যোজনাৰ দ্বাৰা চৰকাৰী ধনৰ অপব্যয় হ্ৰাস কৰি সকলো ক্ষেত্রত দ্ৰুত যোগাযোগ ব্যৱস্হাৰ সহায়ত সংহতভাৱে আচনি ৰূপায়ণত অগ্ৰসৰ হবলৈ মন্ত্রী বড়াই সভাত বিষয়া সকলক আহ্বান জনায়। সভাৰ আৰম্ভণিতে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ড০লক্ষ্মণন এছে বিষয়া সকলক উদ্যেশি প্ৰধানমন্ত্ৰী গতি শক্তি যোজনা সন্দৰ্ভত বিষদ ভাবে কয়।


উল্লেখ্য যে যোগাযোগ ব্যৱস্হাৰ উন্নয়ন, ব্যয় হ্ৰাস আৰু দক্ষতা বৃদ্ধিৰ জৰিয়তে অৰ্থনৈতিক বিকাশ আৰু প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধিৰে দেশৰ উদ্যোগ খণ্ডৰ ৰূপান্তৰেই হৈছে প্ৰধানমন্ত্ৰী গতি শক্তি যোজনাৰ মূল উদ্দেশ্য।
প্ৰধানমন্ত্ৰী গতি শক্তি যোজনাৰ জৰিয়তে দুই লাখ কি:মি:পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, দুশটা নতুন বিমানকোঠ, হেলিপ’ৰ্ট, বিমান পৰিবহনৰ সহায় হোৱাকৈ পানীত বিমানকোঠ নিৰ্মাণৰ বাবে১০০ লাখ কোটি টাকা ব্যয়ৰ আঁচনি লোৱা হৈছে। অসমত যাতে এই আঁচনি খন সূচাৰুৰূপে ৰূপায়িত হয় তাৰ বাবে এই প্ৰশিক্ষণ মূলক কাৰ্যসূচী আয়োজন কৰা বুলি উদ্যোগ বিভাগৰ যুটীয়া সচিব ছাজ্জাদ আলমে সভাত বাখ্যা কৰে।

Leave A Reply