Breaking

বনমন্ত্ৰীয়ে স্মৃতিসৌধ নিৰ্মাণ কৰিম বুলি কোৱাটো দুৰ্ভাগ্যজনক:গৰজি উঠিছে দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমী সকল

0 2,042

নগাঁৱৰ বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যুৰ পিছত ঘটনাস্থলীত যোৱা কালি উপস্থিত হৈ নিহত হস্তীকুলৰ প্ৰতি সন্মানৰ্থে এটি স্মাৰক স্থাপনৰ আশ্বাস প্ৰদান কৰিছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কিন্তু বনমন্ত্ৰীৰ এই সিদ্ধান্তক একেমুখে বিৰোধীতা কৰিছে একাংশ প্ৰকৃতিপ্ৰেমী,দল-সংগঠন তথা সমাজ সচেতন লোকে । স্মৃতিসৌধৰ পৰিবৰ্তে হাতীৰ বাবে পাহাৰটো সংৰক্ষণ কৰি বৃক্ষৰোপণ তথা হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাৰহে প্ৰয়োজন বুলি মন্তব্য কৰিছে সকলোৱে। লগতে বন মন্ত্ৰীৰ এই ঘোষণাক তুলুঙা মন্তব্য আখ্যা দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিকে অতিশীঘ্ৰেই বিভাগীয় সকলৰ মন-মগজুৰ পৰিবৰ্তন কৰি উচিত সিদ্ধান্ত ল’বলৈ দাবী জনাইছে।  বনমন্ত্ৰীয়ে সেই স্থানত স্মৃতিসৌধ নিৰ্মান কৰাৰ কথা বিৰোধিতা কৰি সেই স্থানত বৃক্ষৰোপন কৰি পাহাৰটো পুনৰ উজিজ্বীৱিত কৰাৰহে পোষকতা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিকে। ইফালে, পাহাৰত স্মৃতিসৌধ নিৰ্মাণ হ’লে পৰ্যটকৰ সঘন আগমনে জৈৱবৈচিত্ৰ আৰু বন্যপ্ৰাণী আৱাসস্থলী ধ্বংস হোৱাৰ সম্ভাৱনাই অধিক বুলি মন্তব্য কৰিছে একাংশই। প্ৰকৃতিৰ ক্ষতি কৰি স্মৃতিসৌধ নিৰ্মাণ কৰাৰ বাবে বনমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ এতিয়া একেমুখে দাবী উত্থাপন কৰিছে সকলোৱে ।আনপিনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলাৰ উপ-সভাপতি ৰাতুল বৰাই সাংবাদিকক কয় যে যি সময়ত হাতীৰ খাদ্যৰ অভাৱ হৈছে,হাতীৰ অহা-যোৱা পথ দখল কৰা হৈছে ।সেই সময়ত সেই সমূহ কথাত গুৰুত্ব নিদি হাতীৰ বাবে স্মৃতি সৌধ বনাম বুলি ঘোষণা কৰি মানুহৰ ক্ষোভৰ পৰা সাৰিবলৈ বিচৰাটো লজ্জ্বাৰ কথা ।এনে কাম হব নালাগে। এতিয়া নতুন চৰকাৰ আৰু বনমন্ত্ৰীয়ে কিদৰে হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিব পাৰি হাতীৰ কৰিদৰ কিদৰে দখলমুক্ত কৰিব পাৰি তাতহে গুৰুত্ব দিব লাগে ।ইয়াৰোপৰি কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী যুৱক লেখনাথ শৰ্মাই তপতজুৰিৰ বামুনী পাহাৰলৈ গৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ পিছত বনমন্ত্ৰীৰ এই মন্তব্যৰ বাবে সৰৱ হৈ উঠিছে । টকলা হৈ থকা বামুণী পাহাৰত গছ পুলি ৰোপনৰ লগতে বন সংৰক্ষণ কৰি হাতীৰ উপযুক্ত আৱাসস্থলী গঢ়ি তোলাৰ দাবী উত্থাপন কৰিছে কলিয়াবৰৰ লেখনাথ শৰ্মা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনে।উল্লেখ্য যে সকলোৱে এতিয়া বনমন্ত্ৰীয়ে সেই স্থানত স্মৃতিসৌধ নিৰ্মান কৰাৰ কথা বিৰোধিতা কৰি সেই স্থানত বৃক্ষৰোপন কৰি পাহাৰটো পুনৰ উজিজ্বীৱিত কৰাৰ বাবেহে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক দাবী জনাইছে।

Leave A Reply