Breaking

মেটা গালা ২০২৪ত পৰিধান কৰা ঈশা আম্বানীৰ পোছাক তৈয়াৰ কৰিবলৈ ১০ হাজাৰ ঘণ্টা সময় লাগিছিল…

0 25

শিল্পী ৰাহুল মিশ্ৰই মুকেশ আৰু নীতা আম্বানীৰ কন্যা ঈশাৰ বাবে এজোৰ বিশেষ সাজ-পোছাক তৈয়াৰ কৰে। মেট গালাৰ বাবে সাজ-পোছাক ডিজাইনাৰ হিচাপে ৰাহুলৰ এইটোৱেই প্ৰথম কাম। অৱশ্যে ঈশাই ইয়াৰ আগতেও মেট গালাৰ কাৰ্পেটত খোজ কাঢ়িছে।মেট গালা ২০২৪ৰ মঞ্চ নে স্বৰ্গ ধৰিবই নোৱাৰি! চাৰিওফালে ফুলৰ ৰাজ্য। মে’ মাহৰ প্ৰথম সোমবাৰে আমেৰিকাৰ নিউয়ৰ্ক চহৰত অনুষ্ঠিত হয় মেট গালা। হলিউডতৰ মেট গালাৰ ‘ৰেড’ কাৰ্পেটত জিলিকি উঠিল বলীউডৰ তাৰকাসকল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক ঈশা আম্বানীয়ে সেই উপলক্ষে পূব আৰু পশ্চিমৰ মিশ্ৰণেৰে নিৰ্মিত বিশেষ শাৰী-গাউন পিন্ধিছিল। এইবাৰৰ মেট গালাৰ থিম আছিল ‘দ্য গাৰ্ডেন অৱ টাইম’ গতিকে সকলোৰে সাজ-পোছাকত ফুল আছিল।


ড্ৰেছ ডিজাইনাৰ ৰাহুল মিশ্ৰই মুকেশ-নীতা আম্বানীৰ কন্যা ঈশাৰ বাবে এই বিশেষ সাজ-পোছাক তৈয়াৰ কৰিছিল। ঈশাই পৰিধান কৰা গাউনটোত অসংখ্য ৰঙীন ফুলৰ এম্ব্ৰয়ডাৰী কৰা হৈছে। গোটেই গাউনটোতে ফুল। ড্ৰেছটোৰ চাৰিওফালে এম্ব্ৰয়ডাৰী, জাৰ্ডোচি আৰু এপ্লিকৰ কাম। কষ্টুম ডিজাইনাৰ ৰাহুল মিশ্ৰই শ্ব’টোৰ বিশেষ থিমটো মনত ৰাখি এই আউটফিটটো তৈয়াৰ কৰিছে। ঈশাৰ ষ্টাইলিষ্ট অনিতা স্ৰাফ আদাজনিয়াই কয় যে ঈশাৰ সাজ-পোছাকত ৰাহুলে প্ৰকৃতিৰ জীৱনচক্ৰ দেখুৱাইছে। এই গাউনটো তৈয়াৰ কৰিবলৈ ১০ হাজাৰ ঘণ্টাৰো অধিক সময় লাগিছিল।

মেট গালাৰ বাবে কষ্টুম ডিজাইনাৰ ৰাহুল মিশ্ৰৰ এয়া প্ৰথম কাম। অৱশ্যে ঈশাই ইয়াৰ পূৰ্বেও মেট গালাৰ কাৰ্পেটত খোজ কাঢ়িছে। ফুলৰ শাৰী-গাউন এটাৰ লগত মেচিং ক্লাচ বেগ এটা লৈছিল ঈশাই।

Leave A Reply