Breaking

‘ব্ৰাহ্মণ সকলৰ অত্যাচাৰৰ বাবেই নিম্ন জাতৰ হিন্দুসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল’-শ্বেৰমান আলীৰ

0 141

মিঞা মিউজিয়াম বিতৰ্কত জড়িত বিধায়ক শ্বেৰমান আলীৰ এইবাৰ লক্ষ্য ব্ৰাহ্মণসমাজ। বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ মতে ব্ৰাহ্মণ সকলৰ অত্যাচাৰৰ বাবেই নিম্ন জাতৰ হিন্দুসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।

এইয়াই নহয় ব্ৰাহ্মণ সকলে তেওঁলোকৰ বানী আনলোকৰ কানত পৰিলে গৰম ঘিউ কানত ঢালি দি অত্যাচাৰ কৰিছিল বুলিও মন্তব্য কৰে।

বিধায়ক গৰাকীয়ে ৯০ শতাংশ মুছলমানৰ পূৰ্বৰ পুৰুষ হিন্দু আছিল বুলি দাবী কৰি বিধায়ক গৰাকীয়ে একমাত্ৰ ব্ৰাহ্মণ সকলৰ অত্যাচাৰৰ বাবেই হিন্দুধৰ্ম ত্যাগ কৰিবলৈ বাধ্য হৈছিল বুলি ব্ৰাহ্মণ সমাজক লক্ষ্য কৰি তীৰ্যক মন্তব্য কৰে।

উল্লেখযোগ্য যে ইতিপূৰ্বেও বিভিন্ন বিষয়ত বিতৰ্কত মন্তব্য কৰি বাতৰিৰ শিৰোনাম দখল কৰা বিধায়ক গৰাকীয়ে সুবিধা বুজি ৰাজ্যিক কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক আক্ৰমন কৰি আহিছে।

শেহতীয়াকৈ বাঘবৰৰ বিধায়ক গৰাকীৰ ব্ৰাহ্মণ সমাজকলৈ কৰা মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave A Reply