Breaking

ৰাজ্যত অহা তিনিদিনলৈ হ’ব বৰষুণ ! কিছু কিছু ঠাইত শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা…

0 39

ৰাজ্যত অহা তিনিদিনলৈ হ’ব বৰষুণ

ৰাজ্যত অহা তিনিদিনলৈ হ’ব বৰষুণ। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ কিছু কিছু ঠাইত আগন্তুক ৫ দিনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা থকা বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । শুকুৰবাৰে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত প্ৰবল বৃষ্টিপাত হোৱাৰ খবৰ আহিছে। কিছু ঠাইত শিলাবৃষ্টি হোৱাৰো খবৰ আহিছে।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে সদৰী কৰা অনুসৰি অহা ৩ ফেব্ৰুৱাৰীৰ দিনাও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ কিছু কিছু ঠাইত বৃষ্টিপাত হ’ব ।

অহা ৩ ফেব্ৰুৱাৰীত অসম, অৰুণাচল , মেঘালয় , নাগালেণ্ড , মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত বৰষুণ হ’ব। একেদৰে ৪ আৰু ৫ ফেব্ৰুৱাৰীতো উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ভিতৰত অসম , মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । একেদৰে এই দিনকেইটাত অসম আৰু উত্তৰ-পূৰ আন ৰাজ্য কেইখনত কুঁৱলীৰ সংহাৰো বৃদ্ধি পাব।

Leave A Reply