Breaking

ইটালীয়ে লাভ কৰিব নতুন ৰাণী ! এই ১৯ বছৰীয়া মডেলগৰাকীয়ে বিশ্বত সৃষ্টি কৰিছে চাঞ্চল্য…

0 163

ইটালীয়ে লাভ কৰিব নতুন ৰাণী ! এই ১৯ বছৰীয়া মডেলগৰাকীয়ে বিশ্বত সৃষ্টি কৰিছে চাঞ্চল্য…। ২০০৩ চনত ছুইজাৰলেণ্ডৰ জেনেভাত জন্মগ্ৰহণ কৰিছিল ভিট’ৰিয়া ক্ৰীষ্টিনাৰ। যুৱতীগৰাকী হৈছে চেভয়ৰ ৰাজকুমাৰী। ৰাজকুমাৰ ইমানুৱেল আৰু ক্লটিল্ড ক’ৰোৰ জ্যেষ্ঠ কন্যা। লণ্ডনৰ এখন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান আৰু ইতিহাসৰ ছাত্ৰী আৰু অভিনয় মডেলিঙৰ প্ৰতি যুৱতীগৰাকীৰ আছে তীব্ৰ আগ্ৰহ। ইটালীৰ ৰাজপৰিয়ালৰ ইতিহাসত এটা পৃষ্ঠা সংযোজন হ’ব। মাত্ৰ ১৯ বছৰীয়া মডেল ভিট’ৰিয়া ক্ৰীষ্টিনা ইটালীৰ ৰাণী হোৱাৰ সম্ভাৱনা আছে। এনে হ’লে ইটালীৰ বংশৰ এক পৰম্পৰাৰ অন্ত পৰিব। এগৰাকী নাৰী সিংহাসনত বহিব আৰু পুৰুষৰ আধিপত্যৰ অন্ত পৰিব।

ভিট্টোৰিয়াৰ সন্দৰ্ভত বৰ্তমানৰ ৰাজকুমাৰে কয় যে তেওঁ আশা কৰিছে যে তেওঁ এই নতুন দায়িত্ব ভালদৰে পালন কৰিব। ইয়াৰ উপৰিও ই বিশ্ব আৰু দেশক এক নতুন দৃষ্টিভংগীও দিব। ইটালীত এয়া এটা ডাঙৰ পৰিৱৰ্তন হিচাপে দেখা গৈছে। বৰ্তমান ইমানুৱেল ফিলিবাৰটো ইটালীৰ ভেনিচৰ ৰাজকুমাৰ। তেওঁ সিংহাসনৰ দাবী ত্যাগ কৰাৰ উদ্দেশ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছত সমগ্ৰ বিশ্বতে এই আলোচনা তীব্ৰতৰ হৈ পৰিছে যে এতিয়া ইটালীয়ে ভিক্টোৰিয়া ক্ৰীষ্টিনাৰ ৰূপত নতুন ৰাণী লাভ কৰিবলৈ ওলাইছে। ২০০৩ চনত ছুইজাৰলেণ্ডৰ জেনেভাত জন্মগ্ৰহণ কৰিছিল ভিক্টোৰিয়া ক্ৰীষ্টিনাৰ। ৰাজকুমাৰ ইমানুৱেল আৰু ক্লটিল্ড ক’ৰোৰ জ্যেষ্ঠ সন্তান।লণ্ডনৰ এখন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান আৰু ইতিহাসৰ ছাত্ৰী আৰু অভিনয় মডেলিঙৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ আছে।২০০৭ চনত তেওঁ ফৰাচী ছবি লা ভি এন ৰোজত অভিনয় কৰিছিল। ৰাজকীয় পৰিয়ালৰ ভিক্টোৰিয়াই ছ’চিয়েল মিডিয়াতো নিজৰ ছবি শ্বেয়াৰ কৰি থাকে। বহু বিখ্যাত ডিজাইনাৰ ড্ৰেছত দেখা গৈছে যুৱতীগৰাকীক। বিশেষ কথাটো হ’ল ৰাজকুমাৰ ইমানুৱেলে নিজৰ কন্যা ভিক্টোৰিয়াক ৰক এন ৰোল ৰাজকুমাৰী বুলি অভিহিত কৰিছিল। কন্যাক সক্ষম বুলি অভিহিত কৰি তেওঁ কয় যে নতুন প্ৰজন্মই নতুন ধাৰণা কাৰ্যকৰী কৰাৰ সুযোগ পাব। তেওঁৰ মতে তেওঁৰ কন্যাই তেওঁৰ তুলনাত ভাল কাম কৰিব পাৰে। ১৯৪৬ চনত জনমতৰ পিছত ইটালীত ৰাজতন্ত্ৰ বিলুপ্ত কৰা হয়। কিন্তু এই পৰম্পৰা এতিয়াও চলি আছে চেভয়ৰ ৰয়েল ফেমিলিত। উত্তৰাধিকাৰ সন্দৰ্ভত ইয়াত বিতৰ্ক অব্যাহত আছে। ৰাজকুমাৰ ইমানুৱেল আৰু তেওঁৰ কন্যা হাউচ অৱ চেভয়ৰ অন্তৰ্গত। ইয়াত উত্তৰাধিকাৰীক ৰাজপৰিয়ালৰ পৰাই নিৰ্বাচিত কৰা হয়।

তাৎপৰ্যপূৰ্ণভাৱে ভিক্টোৰিয়াৰ এজন ককাক আছে, যাৰ বয়স ৮৬ বছৰ। তেওঁ কয় যে নাতিনীয়েক ৰাণী হ’লে ৰাজপৰিয়ালৰ পৰম্পৰাত ডাঙৰ পৰিৱৰ্তন আহিব। এতিয়া সকলোৱে অপেক্ষা কৰি আছে হাউছ অৱ চেভয়ে কি সিদ্ধান্ত ল’ব।

Leave A Reply