Breaking

ব্ৰইলাৰ পোহাৰ বাবেই নগাঁও তিনি বছৰ ধৰি এঘৰীয়া হৈ থাকিব লগা হৈছে এটা পৰিয়াল

0 198

অপূৰ্ব দাসৰ ঘৰলৈ কোনো লোকে আহযাহ কৰিলে অথবা দাসৰ পৰিয়ালৰ কোনো সদস্য আন কাৰোবাৰ ঘৰলৈ গলে এহেজাৰ এটকা দণ্ড ভৰিব লাগে।
প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী।

জীৱন নির্বাহৰ পথ হিচাপে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খোলাৰ বাবেই নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত এটা পৰিয়ালক গাঁৱৰ ৰাইজে বিগত তিনি বছৰ ধৰি এঘৰীয়া কৰি ৰাখিছে । তুলসীমুখ দেউৰীগাঁৱৰ অপূৰ্ব দাস নামৰ নিবনুৱা যুৱকজনে আজিৰ পৰা প্ৰায় তিনি বছৰ পূৰ্বে নিজৰ ঘৰৰ পাছফালে এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খুলি পৰিয়ালক ভৰণ-পোষণ দি আহিছে । ব্ৰইলাৰ মুৰ্গী পুহি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা অপূৰ্ব দাসে ৰক্ষণশীল সমাজৰ দৃষ্টিত যেন ভুল কৰি পেলালে । ব্ৰইলাৰ পোহাৰ বাবেই সমাজে আজি তিনি বছৰ ধৰি অপূৰ্ব দাসক এঘৰীয়া কৰি থৈছে।

কেৱল অপূৰ্ব দাসকেই নহয়, তেওঁৰ ককাই- ভাই আৰু আত্মীয়কো সমাজে এঘৰীয়া কৰি ৰাখিছে। অপূৰ্ব দাসৰ ঘৰলৈ কোনো লোকে আহযাহ কৰিলে অথবা দাসৰ পৰিয়ালৰ কোনো সদস্য আন কাৰোবাৰ ঘৰলৈ গলে এহেজাৰ এটকা দণ্ড ভৰিব লাগে বুলি অপূৰ্ব দাসৰ বৃদ্ধা মাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।আনহাতে পৱিত্র ভাদ মাহত গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসংগত অংশ লোৱাৰ পৰাও তুলসীমুখ দেউৰীগাঁৱৰ অপূৰ্ব দাসৰ পৰিয়াল বঞ্চিত হবলগা হৈছে । যাৰ বাবে দুখত ভাগি পৰিছে সমাজৰ কামত আগভাগ লোৱা অপূৰ্ব দাসৰ বৃদ্ধা মাতৃ।উল্লেখযোগ্য যে বিগত লকডাউনৰ সময়চোৱাত অপূৰ্ব দাসৰ এই ব্ৰইলাৰ ফাৰ্মখনৰ পৰাই গাঁৱৰ বহু পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে এটাকৈ ব্ৰইলাৰ যোগান ধৰা বুলি দাসে জানিবলৈ দিয়ে । ইপিনে গাঁৱৰ ৰাইজে এঘৰীয়া কৰাত মানসিক ভাবে ভাগি পৰা পৰিয়ালটোৱে এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে।

Leave A Reply