Breaking

‘৪৫ বছৰ হৈ গ’ল বৈবাহিক জীৱনৰ, কেতিয়াও খং কৰা নাই’! অধ্যক্ষৰ কথাত হাঁহি বিৰিঙিল ৰাজ্যসভাত…

0 78


দৰাচলতে ৰাজ্যসভাত বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে মণিপুৰৰ সৈতে জড়িত স্থগিতকৰণৰ জাননীৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ কৰিছিল অধ্যক্ষ জগদীপ ধনখৰক। সংসদত চলি আছে বৰ্ষাকালীন অধিৱেশন। আনহাতে মণিপুৰৰ হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ দাবীত অটল বিৰোধী নেতাসকল। কিন্তু অধ্যক্ষ জগদীপ ধনখৰৰ এটা কথাত ৰাজ্যসভাত হাঁহিৰ জোৱাৰ উঠে।

অধ্যক্ষ জগদীপ ধনখৰে বৃহস্পতিবাৰে কয় যে তেওঁৰ বিবাহৰ ৪৫ বছৰতকৈ অধিক সময় হৈছে আৰু তেওঁ কেতিয়াও খং কৰি পোৱা নাই। তেওঁৰ বক্তব্যক লৈ সদনত হাঁহিৰ জোৱাৰ উঠিছিল। এই বিষয়ে খৰ্গে ক’লে, ‘আপুনি খং নকৰে, আপুনি খং দেখুৱাব নোৱাৰে কিন্তু ভিতৰৰ পৰা কৰে।’

কেৱল সকলো সদস্যই নহয় অধ্যক্ষ ধনখৰেও খৰ্গেৰ কথাত হাঁহিবলৈ ধৰিলে। আনহাতে, ৰাজ্যসভাত মণিপুৰ বিষয়ক লৈ সৃষ্টি হোৱা অচলাৱস্থাৰ অন্ত পেলাবলৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱাল আৰু প্ৰহ্লাদ যোশীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু আন একাংশ বিৰোধী নেতাক সাক্ষাৎ কৰে।

Leave A Reply