Breaking

‘সম্পৰ্ক বজাই ৰখাটো সহজ নহয়…’ – ৰণবীৰ কাপুৰ…

0 51

আলিয়া ভাট-ৰনবীৰ কাপুৰঃ শেহতীয়াকৈ এটা চেট শ্ব’ৰ সময়ত ৰণবীৰ কাপুৰে নিজৰ বিবাহিত জীৱনৰ বহু গোপন কথা প্ৰকাশ কৰিছিল। ৰণবীৰ কাপুৰে কয় যে আলিয়াই তিতা টাৱেলখন য’তে ত’তে পেলাই দিয়ে…! বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ আগন্তুক ছবি এনিমেলৰ বাবে বৰ্তমান শিৰোনামত। এনিমেলৰ প্ৰচাৰত ব্যস্ত ৰনবীৰ কাপুৰে শেহতীয়াকৈ এটা চেট শ্ব’ত অংশ লৈছিল, য’ত তেওঁ নিজৰ বিবাহিত জীৱনৰ বহু গোপন কথা প্ৰকাশ কৰিছিল। আড্ডাত ৰণবীৰ কাপুৰে কয় যে সম্পৰ্ক বজাই অতি ৰখাটো কঠিন। কাৰণ মানুহ এনেকুৱা এটা প্ৰাণী যাক বুজিবলৈ বৰ কঠিন।


ৰণবীৰে ক’লে- এতিয়া আমি একেলগে থকা ৬ বছৰ হ’ল । মই ভাবো প্ৰথম বছৰতে ইজনে সিজনৰ ব্যক্তিত্ব কেনেকৈ চম্ভালিব লাগে জানিব লাগে। সম্পৰ্ক বজাই ৰখাটো কঠিন, মানুহ অতি কঠোৰ প্ৰাণী, বুজিবলৈ বৰ কঠিন। সম্পৰ্কত আনজনক বুজিব লাগিব আৰু তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হ’ব লাগিব।

চেট শ্ব’টোত ৰণবীৰ কাপুৰে কয় যে বিবাহ সফল হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আলিয়াই গা ধুই বাথৰুমৰ পৰা ওলাই আহিলে তাইৰ টাৱেলখন মজিয়াতে পেলাই থয়। মই সদায় তেওঁৰ টাৱেলখন তুলি থওঁ, মই ভাবো সৰু সৰু কথাবোৰেহে বিয়াখন সফল কৰি তোলে।

Leave A Reply