Breaking

জবকাৰ্ডে কাল হ’ল বিলাসীপাৰা হাজাৰিপাৰাৰ তিনি যুৱকৰ…

0 108

ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত ফুটকিবাৰী গাওঁ পঞ্চায়তৰ পঞ্চায়ত সদস্যা আঞ্জুমা বেগমৰ স্বামী খালেক আলী পুৱা ৮ মান বজাত কহিনুৰ ইছলামৰ ঘৈনিয়েকৰ জৱ কাৰ্ডৰ উপাৰ্জিত ধন বিচোৰাত বেংকৰ পাচবুকত টকা নোসোমোৱাৰ বাবে টকা দিব নোৱাৰাৰ ফলত জৱকাৰ্ডৰ গৰাকীৰ স্বামী কহিনুৰ ইছলামৰ লগত তৰ্ক যুদ্ধ লাগি প্ৰানে মৰাৰ ভাবুকি দি ঘৰ লৈ আহে পঞ্চায়ত সদস্যাৰ স্বামী খালেক আলী। এই খিনি লৈ ঠিকে আছিল। খন্তেক সময় পিছতে আনুমানিক পুৱা ৯ মান বজাত কহিনুৰ ইছলাম লক্ষীগঞ্জ অবস্থিত নিজ দোকান লৈ আহি থাকোঁতে খালেক আৰু তাৰ নিজ পুত্ৰ ইমদাদুল আৰু তাৰ পৰিয়ালৰ লোকে কহিনুৰ ইছলামক আগছি ধৰি অপুৰ্জ পৰিমাণে চোকা অস্ত্ৰৰে পেটত আঘাত কৰি প্ৰানে মৰাৰ চেষ্টা চলায় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

চোকা অস্ত্ৰ পেটত সুমুৱাই দিয়াৰ লগে লগে কহিনুৰ ইছলাম মাটিত বাগৰি পৰে আৰু সেই সুযোগতে খালেক নামৰ ব্যক্তি গৰাকীৰ পুত্ৰ ইমদাদুলে হেলমেটেৰে মৰিয়াই মৰিয়াই শেষ পৰ্যায়লৈ লৈ যায় বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।এই দূৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰেই ঘটনাস্থলী লৈ লৰ মাৰে কহিনুৰ ইছলাম সৰু ভায়েক ৰফিকুল ইছলাম। খালেকৰ পুত্ৰ ইমদাদুলে সেই একে চোকা অস্ত্ৰৰে ৰফিকুলৰ শৰীৰত আঘাত কৰে যদিও ভিতৰত প্ৰবেশ নকৰাৰ ফলত জীবন ৰক্ষা পৰে। আচৰিত কথা এই যে সমগ্ৰ ঘটনা অজ্ঞাত কহিনুৰ ইছলামৰ তৃতীয়

ভায়েক ইছলাম ছফিকুল ইছলাম এই দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ওচৰতে থকা এখন মেকাৰৰ দোকানত নিজৰ মটৰচাইকেল খন মেৰামতি কৰাৰ বাবে ৰখাৰ লগে লগে খালেকৰ পুত্ৰ ইমদাদুলৰ হাতত থকা বাইকৰ টায়াৰ খোলা ৰোড ডাল দেখা পাই তাৰ হাতৰ পৰা কাঢ়ি লৈ খালেকৰ মাকৰ হাততে দি ঘৰ লৈ লৈ যোৱাৰ বাবে অনুৰোধ জনায়। সেই সময় লৈকে কহিনুৰ ইছলাম ভায়েক ছফিকুলে নাযানে যে পৰি থকা যুৱক দুজনে তেওঁৰেই নিজৰ ভায়েক। সেই সুযোগতে আকস্মিক ভাবে খালেক আলীয়ে সেই হাতত থকা চোকা অস্ত্ৰৰে ছফিকুলক আঘাত কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। সম্প্ৰতি তিনি জন ভায়েক ককায়েক কোকৰাঝাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তাৰ ভিতৰত প্ৰথম আঘাতপ্ৰাপ্ত কহিনুৰ ইছলামৰ অবস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে অসম চৰকাৰৰ গৃহ বিভাগ তথা অসম আৰক্ষীক কোনো প্ৰকাৰে যাতে দোষীয়ে সাৰি যাব নোৱাৰে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে কোৰযোৰে অনুৰোধ কৰিছে।

Leave A Reply