Jackfruit seeds: আজিৰে পৰা খাবলৈ আৰম্ভ কৰক কঁঠালৰ গুটি, কঁঠাল গুটিৰ আছে বহু উপকাৰিতা।

গ্ৰীষ্মকালত কঁঠাল স্বাস্থ্যৰ বাবে অতি উপকাৰী। কঁঠালৰ গুটিৰ পুৰুষতকৈ মহিলাৰ বাবে বেছি উপকাৰী।(Jackfruit seeds) কঁঠালক নিৰামিষ মাংস বুলি কোৱা হয়। কঁঠালৰ ভাজি, পিঠা; আচাৰ আৰু অন্যান্য বহুতো সোৱাদযুক্ত ৰেচিপি বনাব পাৰিব।। আনাহতে আন শাক-পাচলিতকৈ কঁঠালৰ গুটিত বহুত প্ৰটিন বেছি থাকে। যদি আপুনি নিৰামিষভোজী, তেন্তে কঁঠাল খোৱাটো আপোনাৰ বাবে অতি উপকাৰী হ’ব পাৰে। কঁঠালৰ গুটিত কেৱল প্ৰটিনেই নহয়, ভিটামিন এ, চি, থাইয়ামিন, পটাছিয়াম, কেলচিয়াম, ৰাইবোফ্লেভিন, আইৰণ, নিয়াচিন আৰু জিংক আদি বহুতো গুণ প্ৰচুৰ পৰিমাণে থাকে। কঁঠালৰ গুটি ঔষধি গুণেৰে ভৰপূৰ বুলি ধৰা হয়। গতিকে কঁঠালৰ গুটি কোনে কোনে খাব লাগে জানো আহক-

কঁঠালৰ গুটি খোৱাৰ উপকাৰিতা

পাচন-

কঁঠালৰৰ গুটিত আঁহ থাকে যিয়ে পাচনতন্ত্ৰ ভালকৈ ৰখাত সহায় কৰে। ইয়াৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়।

ৰোগ প্ৰতিৰোধ ক্ষমতা-

কঁঠালৰ গুটিত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিন ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায়ক। বহু ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাত শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা সহায়ক।

ছাল-

কঁঠালৰৰ গুটিত প্ৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে।

ৰক্তহীনতা-

কঁঠালৰ গুটিয়ে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে, যিয়ে ৰক্তহীনতাৰ অভাৱ দূৰ কৰাত সহায় কৰিব পাৰে। যদি আপোনাৰো ৰক্তহীনতা আছে তেন্তে আপুনি কঁঠালৰ গুটি খাব পাৰে।

হৃদযন্ত্ৰ-

কঁঠালৰৰ গুটিত পটাছিয়াম থাকে যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক। এইবোৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।

হাড়-

কঁঠালৰ গুটিত কেলচিয়াম আৰু মেগনেছিয়ামৰ উপস্থিতিয়ে হাড় মজবুত কৰাত সহায় কৰে।


ছালৰ বাবে উপকাৰী-


যদি আপুনি কঁঠালৰ গুটি গাখীৰ বা মৌত তিয়াই তাৰে পেষ্ট বনাই ছালত লগাই। যদি আপুনি এই পেষ্ট নিয়মিতভাৱে ব্যৱহাৰ কৰে, তেন্তে আপুনি ছালৰ মানদণ্ডত বহু উন্নতি হোৱা দেখিব।


মধুমেহ ৰোগ-

কঁঠালৰ গুটি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে কাৰণ ই তেজত চেনিৰ মাত্ৰা বজাই ৰখাত সহায় কৰিব পাৰে।

আনহাতে কঁঠালৰ গুটি দৰে ৰঙালাও গুটিৰো আছে বহু বাস্থ্যৰ উপকাৰিতা-

ৰঙালাও গুটি স্বাস্থ্যৰ অতি উপকাৰী।

১.পাচনতন্ত্ৰক শক্তিশালী কৰে ৰঙালাও গুটিয়ে। ৰঙালাও গুটিত প্ৰচুৰ পৰিমাণৰ আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰ সুচাৰুৰূপে কাম কৰাত সহায় কৰে। নিয়মীয়াকৈ সেৱন কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয় আৰু পেট পৰিষ্কাৰ হৈ থাকে।

২/ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে
এই বীজত ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড, মেগনেছিয়াম আৰু জিংক আদি পুষ্টিকৰ উপাদান থাকে, যিবোৰে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ৰক্তচাপ নিয়ন্ত্ৰণ আৰু কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

৩/ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা
ৰঙালাও গুটিত প্ৰচুৰ পৰিমাণে জিংক আৰু এন্টিঅক্সিডেন্ট থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। দৈনিক খালে চৰ্দি আৰু অন্যান্য সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি।

৪) শৰীৰে শক্তি লাভ কৰে
ৰঙালাউ গুটিত প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি আৰু খনিজ পদাৰ্থ থাকে, যিয়ে আপোনাক গোটেই দিনটো শক্তিশালী কৰি ৰাখে।

৫/ ডায়েবেটিছ ৰোগীৰ বাবে এক আশীৰ্বাদ
ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰঙালাউ গুটি সহায়ক। ইয়াত এনে যৌগ থাকে যিয়ে ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰে আৰু টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে।

কিন্তু ৰঙালাউ গুটি সীমিত পৰিমাণে খাব লাগে, কিয়নো অতিমাত্ৰা খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। যদি আপোনাৰ কোনো ধৰণৰ এলাৰ্জী আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ ল’ব।

Related Articles