Breaking

”বছৰত এসপ্তাহ সমগ্ৰ বিশ্বতে লকডাউন দিয়ক”-অৰণ্য মানৱ যাদৱ পায়েঙ

0 519

অসমৰ পৰা এজন বিশেষ ব্যক্তিয়ে সমগ্ৰ বিশ্ববাসীলৈ জনাইছে এটি বিশেষ আহ্বান। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে এসপ্তাহৰ বাবে লকডাউন দিবলৈ বিশ্বৰ সকলো দেশৰ নেতৃত্বলৈ অনুৰোধ জনাইছে অসমৰ অৰণ্য মানৱ যাদৱ পায়েঙে।

বিগত বৰ্ষত কভিড পৰিস্থিতিৰ বাবে যেতিয়া সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছিল, সেই সময়ছোৱাত প্ৰকৃতিত বহু যোগাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। প্ৰকৃতিয়ে যেন নতুনকৈ প্ৰাণ পাই উঠিছিল সেই সময়ত। বায়ু প্ৰদূষণ অভাৱনীয়ভাৱে কমি গৈছিল। আৰু বন্য জীৱ-জন্তু তথা চৰাই-চিৰিকতিসমূহ যেন আনন্দত উথলি উঠিছিল। সেয়েহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি প্ৰকৃতিক অধিক সেউজীয়া কৰি জীপাল কৰি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিবৰ বাবে আহ্বান জনাইছে যাদৱ পায়েঙে।

অৰণ্য মানৱ যাদৱ পায়েঙে পৃথিৱীৰ কেইবাখনো দেশৰ প্ৰতিনিধিকে ধৰি ইউনেস্কৰ ব্ৰেণ্ড এম্বেচাদৰৰ সন্মুখত এই প্ৰস্তাৱ উৎথাপন কৰিছে। পৃথিৱীখন জীপাল কৰি ৰাখিবলৈ বিশ্বৰ সকলো দেশৰে মূৰব্বীসকলক বছৰি এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিবৰ বাবে অনুৰোধ জনাইছে পদ্মশ্ৰী যাদৱ পায়েঙে। নিজৰ বনাঞ্চলত লকডাউনৰ সময়ছোৱাত জীৱ-জন্তু, চৰাই-চিৰিকতিৰ মাজত পৰিলক্ষিত হোৱা অভূতপূৰ্ব যোগাত্মক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰিয়েই অৰণ্য মানৱগৰাকীয়ে এই আহ্বান জনাইছে।

“লকডাউনৰ সময়ছোৱাত মই মোৰ হাবিত জীৱ-জন্তু , চৰাই-চিৰিকতিসমূহৰ মাজত বহু পৰিৱৰ্তন দেখিবলৈ পাইছিলো। প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখি পৃথিৱীখন জীপাল কৰি ৰাখিবলৈ প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিয়াটো অতিকৈ প্ৰয়োজনীয়। মই ইতিমধ্যে এই প্ৰস্তাৱটো ইউনেস্কৰ ব্ৰেণ্ড এম্বেছাদৰৰ সন্মুখত উৎথাপন কৰিছো।”, অৰণ্য মানৱ যাদৱ পায়েঙে এনেদৰে কয়।

যদিহে যাদৱ পায়েঙৰ এই আহ্বানে বিশ্ববাসীৰ পৰা সঁহাৰি লাভ কৰে তেন্তে সেয়া হয়তো এক অভূতপূৰ্ব ঘটনা হ’ব আৰু প্ৰকৃতিৰ বাবে ই কঢ়িয়াই আনিব বহুত আশাৰ বতৰা।

Leave A Reply