Breaking

স্পাইডাৰ মেন থিমৰ কেকেৰে জেহ আলী খানৰ জন্মদিন উদযাপন, জন্মদিনলৈ আহিল ৰাহা কাপুৰ; কোনে কি পিন্ধি আহিলে ফটো চাওক…

0 66

কৰীনা কাপুৰ আৰু ছেইফ আলী খানৰ কনিষ্ঠ পুত্ৰ জেহ আলী খানৰ ২১ ফেব্ৰুৱাৰীত আছিল জন্মদিন। এই উপলক্ষে কৰীনা কাপুৰ আৰু ছেইফ আলী খানে পুত্ৰ জেহ আলী খানৰ বাবে স্পাইডাৰ মেন থিম পাৰ্টিৰ আয়োজন কৰিছিল। য’ত সোণম কাপুৰ, ৰণবীৰ কাপুৰ আৰু নেহা ধুপিয়া আহিছিল সন্তানসহ। আহকচোন, জেহ আলী খানৰ জন্মদিনৰ ভিতৰৰ ফটোবোৰ চাওঁ…

এই ছবিখনত কৰীনা কাপুৰ খানে হালধীয়া ৰঙৰ টি-চাৰ্ট আৰু ডেনিম পিন্ধি নিজৰ ভনীয়েক চাবা খানৰ সৈতে পোজ দিছে।

জেহ আলী খানৰ জন্মদিনৰ এই ভিতৰৰ ফটোখনতো দেখা গৈছে ছাইফ আলী খানক। এইখন কেক কটাৰ সময়ত তোলা ফটো, য’ত ছাইফেও কৰীনা আৰু জেহৰ হাতত ধৰি কেক কাটিছে। ফটোখনত জেহক স্পাইডাৰ মেন থিমৰ কেকটো কাটিবলৈ সম্পূৰ্ণ উত্তেজিত দেখা গৈছে।

এই ফটোখনত জেহক মাতৃ কৰীনা কাপুৰৰ কোলাত বহি থকা দেখা গৈছে। ছবিখনত বহু শিশুৱে জেহ আলী খানে কেতিয়া কেক কাটিব তাকে অপেক্ষা কৰি আছে।

কন্যা ৰাহা কাপুৰৰ সৈতে জেহ আলী খানৰ জন্মদিনৰ পাৰ্টিতো উপস্থিত হয় ৰণবীৰ কাপুৰ। ৰণবীৰ আৰু ৰাহা দুয়োকে নেভি ব্লু ৰঙৰ কাপোৰ পিন্ধা দেখা গৈছিল।

Leave A Reply