Breaking

উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি

0 45

ৰাষ্ট্ৰীয় পেৰা এথলেটিকছত অসমৰ পাঁচটা পদক ।আনিস্মিতা এছিয়ান পেৰা গেমছলৈ বাছনি হোৱাৰ সম্ভাৱনা । উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি । কলিংগ ষ্টেডিয়ামত অসমৰ পেৰা খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ।ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত উৰিল অসমৰ বিজয় নিচান । অৰ্জন কৰিলে স্বৰ্ণসহ মুঠ পাঁচটাকৈ পদক ।

বিগত মাহৰ ২৮ ৰ পৰা ৩১ মাৰ্চলৈ উৰিষ্যাৰ ৰাজধানী চহৰ ভূৱনেশ্বৰত অনুষ্ঠিত হ’ল ২০ সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ । দেশৰ ২৯ খন ৰাজ্যৰ প্ৰায় ৯০০ প্ৰতিযোগীয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত। অসমৰ পৰা অংশ ল’লে ৭ জনীয়া পেৰা এথলীটৰ দলে । অসমক প্ৰতিনিধিত্ব কৰা দলটোৱেও ট্ৰেকত দেখুৱালে পৰাক্ৰম । অসমৰ দুগৰাকী পেৰা এথলীটে আজুৰি আনিলে ৫ টাকৈ পদক ।

ইয়াৰে ২ টা স্বৰ্ণ, ১ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক । চিৰঞ্জীতা ভৰালীয়ে লং জাম্পত ১ টা স্বৰ্ণ, ১০০ মিটাৰ দৌৰত ১ টা ব্ৰঞ্জ, আৰু ২০০ মিটাৰত লাভ কৰিছে ১ টা ব্ৰঞ্জসহ মুঠ ৩ টা পদক । সেইদৰে , আনিস্মিতা কোঁৱৰে ১০০ মিটাৰত স্বৰ্ণ আৰু ৪০০ মিটাৰত দখল কৰিছে ৰূপৰ পদক । স্বৰ্ণজয়ী আনিস্মিতাৰ টাইমিং আছিল অতি সন্তোষজনক । মাত্র ১৭.৮১ ছেকেণ্ডত সাফল্য লাভ কৰিছে কণমাণি পেৰা দৌৰবিদ গৰাকীয়ে । যিহেতু,অক্টোবৰত চীনত অনুষ্ঠিত হ’ব লগা আগন্তুক এছিয়ান পেৰা গেমছৰ বাবে প্ৰয়োজনীয় সময় আছিল ১৮.০০ ছেকেণ্ড । সেয়েহে, এছিয়ান পেৰা গেমছলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পালে আনিস্মিতাৰ বাবে ।

Leave A Reply