Breaking

গোলাঘাটত কাৰাবন্দী কয়দীৰ পলায়ন

0 2,027

গোলাঘাটত পুনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এজন দুধৰ্ষ অপৰাধীয়ে ।অভিযোগ অনুসৰি  আৰক্ষীৰ হেমাহিৰ বাবেই কটকটীয়া বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ সুবিধা পাই  দুধৰ্ষ অপৰাধী বিমান বৰাই।জানিব পৰা মতে, হত্যা,অপহৰণ,ডকাইতি আদি নানান গোচৰত অভিযুক্ত বোকাখাতৰ এই কুখ্যাত অপৰাধীটো। একাধিক গোচৰত অভিযুক্ত অপৰাধীটো  ২০১৬ চনৰ পৰাই গোলালাঘাটৰ লগতে উজনি অসমৰ বিভিন্ন ঠাইত অপৰাধৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল । আৰক্ষী সূত্ৰে প্ৰকাশ যে  ২০১৭ চনত ৰুজু হোৱা এই গোচৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত অপৰাধীটোক। দীৰ্ঘদিন ধৰি গোলাঘাট জিলা কাৰাগাৰৰ কয়দী আছিল বিমান।যোৱা ৩১ আগষ্ট তাৰিখে কিছু শাৰিৰীক অসুস্থতাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কাৰাবন্দী চিকিৎসা কক্ষত ভৰ্তি কৰোৱা হৈছিল অপৰাধীটোক। ৭ ছেপ্টেম্বৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি এক্সৰে কৰিবলৈ বুলি কাৰাবন্দী কক্ষৰ পৰা এক্সৰে চেন্টাৰলৈ নিয়া হৈছিল বিমানক।আৰু তাতেই সংঘটিত হ’ল ঘটনাটো।আৰক্ষীৰ হেমাহি আৰু গাফিলতিৰ বাবেই এক্সৰে কক্ষৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধীটোৱে । উল্লেখযোগ্য যে  আৰক্ষীয়ে সমগ্ৰ ঘটনাটোত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মৌন হৈ থকা পৰিলক্ষিত হৈছিল।অৱশ্যে সংবাদ মাধ্যমে সকলো কথা জানিব পৰাত আৰক্ষীয়ে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে।অভিযোগ অনুসৰি  চিকিৎসালয়খনৰ আৰক্ষী আউটপোষ্টত থকা আৰক্ষীয়ে কৰা কামৰ গাফিলতিৰ বাবেই দুধৰ্ষ অপৰাধীটো পলাবলৈ সক্ষম হ’য়।

Leave A Reply