Breaking

জলপাইগুৰি চাইল্ডলাইনে ওদালগুৰি চাইল্ডলাইনক গতাই দিলে ৰৌতাৰ কিশোৰীক

0 2,021

যি সময়ত ৰাজ্য খনত মানৱ সৰবৰাহ, বাল্য বিবাহ, শিশু শ্ৰমিক আদি দৰে শিশুৰ অপৰাধ জনীত কৰ্ম কাণ্ড সংঘটিত হৈ আহিছে এনে সময়য়তে জলপাইগুৰি চাইল্ডলাইনে  ২১ছেপ্তেম্বৰত  ওদালগুৰি চাইল্ডলাইনক গতাই দিলে জিলা খনৰ ভৈৰৱকুণ্ড থানাৰ অন্তৰ্গত মাজুৰগাওঁৰ নিবাসী পিতৃ লক্ষণ হাসদা আৰু মাতৃ বুদ্দিন হেমৰমৰ ১৫ বছৰীয়া কিশোৰীক।উল্লেখযোগ্য যে ৰৌতৰ নিবাসী বৰ্তমান মাজুৰগাওঁৰ সমন্ধীয়াৰ ঘৰত থকা বুদৰাই সুৰেইনে(২৭) কিশোৰী জনীক প্ৰেমৰ মায়াজালেৰে যোৱা মাৰ্চ মাহত কাম কৰাৰ চলেৰে জলপাইগুৰিলৈ  পলুৱাই লৈ যায়।পিছত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ সন্দেহত জলপাইগুৰি আৰক্ষীয়ে লৰা জনক গ্ৰেপ্টাৰ কৰে আৰু ছোৱালী জনীক জলপাইগুৰি চাইল্ড লাইনক গতাই দিয়ে। জলপাইগুৰি চাইল্ডলাইনত কিশোৰী জনী আঠ মাহ থকা পিছত ২১ ছেপ্তেম্বৰত ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিত হাজিৰ কৰাই অভিভাৱক গতাই দিয়া হয়।

Leave A Reply