Breaking

জামুগুৰিহাটত কভি’ড বিধি নমনাৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী লাঠী চালনা।

0 2,094

কৰ’ণাই ভয়ংকৰ ৰূপ লোৱাৰ পাছতো চৰকাৰী নীতি নিয়ম নমনা একাংশৰ বিৰুদ্ধে আজি জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্হলত প্ৰশাসন কঠোৰ হৈ পৰা পৰিলক্ষিত হয়। জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্হলৰ লগতে আজি বৃহস্পতিবৰীয়া সপ্তাহিক বজাৰত কভি’ডৰ নীতি নিয়ম নমনা সকলৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলাই। নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশ দ্বীপ কাকতিৰ উপস্থিতিত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল নাথৰ নেতৃত্বত  আৰক্ষীয়ে  জামুগুৰিহাটত মাক্স নিপিন্ধা আৰু অনৰ্থক দোকান পোহাৰৰ সন্মুখত  জুমবান্ধি থকা লোকক   লাঠিচালনাৰে ছত্র ভংগ দিয়াই। প্ৰায় দুঘন্টাৰো অধিক সময় ধৰি স্থানীয় আৰক্ষী প্ৰশাসনে  আজি জামুগুৰিহাটত কভি’ড বিধি নমনা  সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ লগতে জামুগুৰিহাটটো কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজি পুনৰ আঞ্চটোৰ জমিদাৰী চুকৰ কৰুণ নাথ(৬৩)নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ কৰ’ণাত মৃত্যু হয়। দুদিন পূৰ্বে এইগৰাকী লোকৰ জেষ্ঠ ভাতৃ চন্দ্ৰ নাথৰো কৰ’ণাত মৃত্যু হৈছিল।প্ৰনিধ্যান যুগ্য যে বালিজুৰিৰ এগৰাকী মহিলাকে ধৰি এতিয়ালৈকে জামুগুৰিহাটত কৰ’ণাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উত্তৰ জামুগুৰি স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ আৰু  ৰঙাচকুৱা স্বাস্থ্য কেন্দ্ৰৰ এলেকাৰ অধীনত ১১০গৰাকী কভি’ডত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে কভিডে দিনক দিনে ভয়ংকৰ ৰূ ধাৰণ কৰি অহাৰ পিছতো বৃহত্তৰ জামুগুৰি অঞ্চলত অধিকাংশ লোকৰে গা কথা লগা নাই । চৰকাৰী নীতি নিৰ্দেশনাক গুৰুত্বহীন কৰি অঞ্চলটোৰ জামুগুৰিহাটকে ধৰি ধলাইবিল, টুপীয়া, ৰঙাচকুৱা, মৰিসূতি, টৌভঙা, কুসুমটোলা, ইটাখোলা, বালিজুৰিকে ধৰি সমগ্ৰ নদুৱাৰতে আগৰ দৰেই চলা ফিৰা কৰি আছে । দোকান-পোহাৰত আজিও ভিৰ কমা নাই । আটাইতকৈ লক্ষনীয় বিষয় যে এই অঞ্চলসমূহত অধিকাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে । একাংশই আকৌ নিজৰ মাস্কখন ঠুটৰিতহে পিন্ধি ঘূৰি ফুৰা এতিয়া সহজ দৃশ্য অঞ্চলটোত । তদুপৰি একাংশ লোকে এবাৰ ব্যৱহাৰ কৰিব লগা মাস্কখনকে সদায় পৰিধান কৰি ফুৰাও মনকৰিবলগীয়া । দেশৰ এনে জটিল সন্ধিক্ষণত মহামাৰী সদৃশ ৰোগ বিধৰ পৰা দেশখনক ৰক্ষা কৰিবলৈ আজি জামুগুৰি আৰক্ষীয়ে লোৱা এনে পদক্ষেপৰ সচেতন ৰাইজে শলাগ লোৱাৰ লগতে উল্লিখিত অঞ্চলসমূহটো আৰক্ষীৰ কঠোৰ ভূমিকা কামনা কৰিছে ।

Leave A Reply