Breaking

জামুগুৰীহাটত আদৰণি দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিক

0 1,080

কেইবাটাও কাৰ্যসূচীৰে যোৱা  বুধবাৰে গুৱাহাটীৰ পৰা উজনি অসমলৈ ৰাওনা হয় অসমৰ অন্যতম জনপ্ৰিয়  দৈনিক বাতৰি কাকত “দৈনন্দিন বাৰ্তা”ৰ সম্পাদক শংকৰ গোহাঞি।ইফালে উজনি অসমৰ কাৰ্যসূচী সমাপ্ত কৰি শনিবাৰে  উপস্থিত হয় বিশ্বনাথ চাৰিআলিত। বিশ্বনাথ চাৰিআলিত  উপস্থিত হোৱা পূৰ্বে বিহালী বৰগাংত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিক সম্পাদক তথা কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক অনিল বনীয়া নেতৃত্বত এটা দলে “দৈনন্দিন বাৰ্তা” কাকতৰ  সম্পাদক শংকৰ গোহাঞিক সাক্ষাৎ কৰি সাম্প্ৰতিক অসমৰ বিভিন্ন  সমস্যা পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে । ইফালে ছাত্ৰ মুক্তিৰ নেতৃত্বক  সম্পাদক গোহাঞিদেৱে বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

শণিবাৰে পূৱা ৯ বজাত গোহাঞিয়ে গুপ্তকাশী বিশ্বনাথ ঘাট পৰিদৰ্শন কৰাৰ লগতে বাবা বিশ্বনাথ মন্দিৰত অসমবাসীৰ মংগলৰ কামনাৰে  সেৱা ধৰি আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ উপৰিও বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ ঘাট পৰিদৰ্শন কৰি সম্পাদক গোহাঞিয়ে স্থানীয় সাংবাদিক সকলৰ সৈতে মত-বিনিময়  কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে বিশ্বনাথ ঘাটক অসমৰ ভিতৰতে এখন জাকত জিলিকা পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম। লগতে চৰকাৰৰ ওচৰত ইয়াৰ গুৰুত্ব আৰোপ কৰাৰ কথাও কয়।

অন্যহাতে বিশ্বনাথ ঘাটৰ পৰা পোনে পোনে গুৱাহাটীলৈ ৰাওনা হোৱাৰ পথত জামুগুৰীহাটত “দৈনন্দিন বাৰ্তা” কাকতৰ  সম্পাদক গৰাকীক আদৰণি জনোৱা হয়।জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক লেখক সাংবাদিক বিশিষ্ট সমাজ কৰ্মী নলিনী ৰঞ্জন ভূঞা,  দৈনন্দিন বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক জোন বৰা সাহিত্যিক হিমাংশু  ৰঞ্জন ভূঞাই দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক গৰাকীক আদৰণি জনাই জামুগুৰীহাটৰ সমুহ ৰাইজৰ হৈ। আনহাতে বিশিষ্ট সমাজ সেৱাক তথা শিক্ষক নলিনী ৰঞ্জন ভূঞাৰ লগতে উপস্থিত ৰাইজৰ লগত অন্তৰংগ আলাপ কৰে সম্পাদক গৰাকীয়ে।সম্পাদক গৰাকীৰ সৈতে এই ভ্ৰমন কালত মৰিগাঁও দৈনন্দিন বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক গৌতম কাকতি আৰু বিশ্বনাথ চাৰিআলিৰ  সাংবাদিক শ্ৰীমন্ত দাসে সংগ দিয়ে।

দৈনন্দিন বাৰ্ত্তাৰ স্বতাধিকাৰি শংকৰ গোহাঁঞিয়ে আন আন জিলাৰ লগতে মৰিগাঁৱটো আহি উপষ্ঠিত হয়।মৰিগাঁৱত মৰিগাঁও জিলা দৈনন্দিন বাৰ্ত্তাৰ সংবাদ কৰ্মী ক্ৰমে পুলিন কাকতি,সুশীল নাথ,গৌতম কাকতি,সাংবাদিক পৰিষদৰ সদস্য কৃষ্ণ নাথ,আধুনিক অসমৰ মৰিগাঁও সংবাদ কৰ্মী প্ৰবীণ বৰাই আদৰণি  জনায়।দৈনন্দিন বাৰ্ত্তা স্বতাধিকাৰি গৰাকীয়ে তেওঁলোকৰ লগত আগন্ত্তক দিনত লব লগিয়া কিছু কাৰ্যক্ৰমৰ বিষয়েও আলোচনাত মিলিত হয়।

Leave A Reply