Breaking

জামুগুৰিহাটৰ শিল্পীয়ে বাঁহ-কাঠেৰে নিৰ্মাণ কৰে মস্কোৰ আৰ্হিত তিনি মহলীয়া ঘৰ

0 1,715

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শিল্পী,কবি তথা বিদেশত ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শনৰে খ্যাতি অৰ্জন কৰা অৰুপ শইকীয়াই বাঁ‌হ-কাঠ আৰু কংক্ৰিটেৰে নিৰ্মাণ কৰি উলিয়াইছে এটি বিশেষ আৰ্হিৰ তিনিমহলীয়া ঘৰ। যোৱা বৰ্ষৰ ক’ভিড মহামাৰীৰ ফলত হোৱা লকডাউনৰ সময়ত আৰম্ভ কৰা নিজৰ পৰিকল্পনাৰে বাঁ‌হ-কাঠেৰে থলুৱা অসমীয়া আৰ্হিৰ কাৰুকাৰ্যৰ সম্পূৰ্ণভাবে পৰিস্ফূটিত হোৱা এটা সম্পূৰ্ণ ঘৰ। বৰ্তমাণ সময়ত হেৰাই যাব বিচৰা অসমীয়াৰ থলুৱা বাঁহ-কাঠৰ ব্যৱহাৰ যেন পুনৰুজ্জীৱিত কৰি এটি আটক ধূনীয়া ঘৰটিৰ তেওঁৰ পিতৃৰ নামেৰে ‘হেমাপদ্ম আলয়’ নাম ৰাখিছে। দেশ-বিদেশত ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শন কৰি জনপ্ৰিয়তা লাভ কৰা অৰুপ শইকীয়াই জানিব দিয়া অনুসৰি প্ৰবাসী পৰ্যটক বা শিল্পীক অসমৰ থলুৱা কাৰিকৰী বিদ্যাৰ সুন্দৰ উপস্থাপন আৰু আৰ্হি প্ৰদৰ্শনৰ বাবে ঘৰটো সাজিছে বুলি কয়। অসমত পৰ্যাপ্ত পৰিমাণে পোৱা বাঁহ-কাঠৰ গুণগত মান বিশ্ববন্দী। বাঁহেৰে নিৰ্মিত ঘৰটোৰ প্ৰথম মহলাৰ চিৰি আৰু তৃতীয় মহলালৈ যোৱা চিৰিটো কাঠেৰে নিৰ্মিত। তৃতীয় মহলাত ক’লা,কৌশলী তথা সংস্কৃতি চৰ্চাৰ বাবে ষ্টুডিঅ হিচাপে ব্যৱহাৰ উপযোগীকৈ নিৰ্মাণ কৰা হৈছে বুলি জনাই। মস্কু(Moscow) আৰ্হিৰ অসমীয়া থলুৱা কাৰুকাৰ্যৰ সংমিশ্ৰণেৰে গঢ় দিয়া ঘৰটো সঁ‌চাই এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে জামুগুৰিহাটৰ সংগীয়া মাজৰচুক।

Leave A Reply