Breaking

বৰক্ষেত্ৰীৰ ৰামপুৰত জন আৰোগ্য সমিতি গঠন

0 87

নলবাৰী জিলাৰ মুকালমুৱা সামূহিক চিকিৎসালয়ৰ অন্তৰ্গত তথা দৌলাশাল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ৰামপুৰ উপ স্বাস্থ্য কেন্দ্ৰত আজি জন আৰোগ্য সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ উপ স্বাস্থ্য কেন্দ্ৰৰ চি. এইছ. অ’ ৰমেনা আফ্ৰুজাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সাধাৰণ সভাখনত সভাপতিত্ব কৰে ৰামপুৰ গাঁৱৰ গাঁওপ্ৰধান মুনিন নাথে ৷ উদ্দেশ্য ব্যাখ্যাত আগন্তুক দুটা বছৰৰ বাবে উপ-স্বাস্থ্য কেন্দ্ৰটো পৰিচালনা কৰাৰ বাবে চৰকাৰে জন আৰোগ্য সমিতি গঠনৰ বাবে হাতত লোৱা পদক্ষেপ সন্দৰ্ভত অৱগত কৰে ৷

সাধাৰণ সভাখনত পুৰণি সমিতিৰ হৈ উপ স্বাস্থ্য কেন্দ্ৰৰ এ.এন.এম হাছিনা বেগমে পদত্যাগ কৰাৰ পিছত হিতেশ বৈশ্যক ছেয়াৰ মেম্বৰ আৰু ৰমেনা আফ্ৰুজাক (C.H.O) সাধাৰণ সম্পাদক হিচাপে লৈ বাইশ জনীয়া এখন জন আৰোগ্য সমিতি গঠন কৰে | সাধাৰণ সভাখনত এ এন এম হাছিনা বেগমে দৌলাশাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা: কুমুদ বনিয়াৰ উপস্থিতিত উপ স্বাস্থ্য কেন্দ্ৰটোৰ বিগত কাৰ্যকালৰ হিচাপ পত্ৰৰ বিভিন্ন নথিপত্ৰ উপ স্বাস্থ্য কেন্দ্ৰৰ চি. এইছ. অ’ ৰমেনা আফ্ৰুজাৰ হাতত অৰ্পণ কৰে |

সভাখনত ৰামপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰমনী নাথ, ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিচিত্ৰ দাস , উপ -স্বাস্থ্য কেন্দ্ৰটোৰ এম পি ডব্লিউ ইকবাল হুছেইনকে ধৰি পাছখন গাঁৱৰ আশাকৰ্মী চুপাৰভাইচাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে | সভাখনত ডা: কুমুদ বনিয়াই স্বাস্থ্য বিষয়ক সাৰুৱা বক্তব্যৰ দ্বাৰাই সভাখন ভংগ দিয়ে

Leave A Reply