Breaking

অসম প্ৰদেশৰ বেলতলাস্থিত মুখ্য কাৰ্যালয়ত “জন জাতীয় গৌৰৱ দিৱস” উদযাপন…

0 34

বীৰছা মুণ্ডাৰ স্বদেশ প্ৰেমে সদায় আমাক অনুপ্ৰানিত কৰিব : ভৱেশ কলিতা

ভাৰতৰ স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বেলতলাস্থিত মুখ্য কাৰ্যালয়ত “জন জাতীয় গৌৰৱ দিৱস” উদযাপন হৈ যায়। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উপস্থিত থাকি কয়, আজিৰ শুভ দিনটোত বীৰ পুৰুষ গৰাকীৰ প্ৰতি শ্রদ্ধা জনোৱাৰ উদ্দেশ্য সমগ্ৰ দেশৰ লগতে অসমতো জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বিভিন্ন কার্যসূচী হাতত লৈ পালন কৰা হৈছে। হাজাৰ হাজাৰ জনজাতীয় লোকসকলক ব্ৰিটিছৰ বিৰুদ্ধে হোৱা সংগ্ৰামত প্ৰতিনিধিত্ব কৰি বীৰছা মুণ্ডাই নিজৰ অধিকাৰৰ বাবে যুজঁ কৰিছিল।স্বদেশ,স্বজাতি,দেশৰ স্বাধীনতাৰ হকে তেখেত সাহসিকতা, অতুলনীয় স্বদেশ প্ৰেমে আমাক সদায়ে অনুপ্ৰাণিত কৰি থাকিব।

আজিৰ সভাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ বুলি ব্যক্ত কৰিছে। ড০ শৰ্মাই কয়, বীৰছা মুণ্ডা আছিল এগৰাকী স্বাধীনতা যুঁজাৰু, ধৰ্মীয় নেতা আৰু জনজাতীয় লোকসমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি। বীৰছা মুণ্ডা নামৰ এটি প্ৰতিবাদী কণ্ঠ, এটি দূৰদৰ্শী চিন্তা চিৰ জাগ্ৰত কৰি ৰাখিবলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ আৰম্ভ কৰিছে সেয়া আদৰণীয়। তেওঁ লগতে কয়, মহান জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত নিৰ্মাণ কৰা অমৃত উদ্যানত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ এগৰাকীকৈ স্বাধীনতা যুঁজাৰুৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। আজি বীৰছা মুণ্ডাৰ পৱিত্ৰ জয়ন্তীত আমি প্ৰতিজ্ঞাবদ্ধ হ`ব লাগিব যে আমি আমাৰ জনজাতীয় গৌৰৱ জীয়াই ৰাখিম আৰু আমাৰ পৰম্পৰাগত সংস্কৃতিক সংৰক্ষণ কৰিম।

অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰীদ্বয় ডা: ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, দলৰ ৰাষ্ট্ৰীয় নেতা অৰুণ ওৰাং, সাংসদ হৰেনছিং বে’, মাননীয় বিধায়ক নৱ কুমাৰ দলে, ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱনাথ ব্ৰহ্ম প্ৰমুখ্যে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য আৰু দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে দলৰ নীতি-আদৰ্শৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বলিষ্ঠ কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ বিগত দেউৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত জয় লাভ কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেশৱ দেউৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

Leave A Reply