Breaking

মাতৃক হেৰুৱাৰ বেদনাত আজিও মৰ্মাহত জাহ্নৱী কাপুৰ ! জাহ্নৱীৰ ফোনৰ ৱালপেপাৰত শ্ৰীদেৱীৰ ফটো…

0 95

মাতৃক হেৰুৱাৰ বেদনাত আজিও মৰ্মাহত জাহ্নৱী কাপুৰ ! জাহ্নৱীৰ ফোনৰ ৱালপেপাৰত শ্ৰীদেৱীৰ ফটো…!
মাতৃ শ্ৰীদেৱীৰ অতি ঘনিষ্ঠ আছিল জাহ্নৱী কাপুৰ। মাতৃক হেৰুৱাৰ দুখত আজিও মৰ্মাহত জাহ্নৱী কাপুৰ। লগতে অভিনেত্ৰীগৰাকীয়ে নিজৰ ফোনৰ ৱালপেপাৰত মাতৃৰ সৈতে থকা ছবিখন লগাই থৈছে। বলীউডৰ নৱপ্ৰজন্মৰ অন্যতম সফল আৰু প্ৰতিভাশালী অভিনেত্ৰী জাহ্নৱী কাপুৰ। সময়ৰ লগে লগে জাহ্নৱী কাপুৰৰ অভিনয়ৰ বহু উন্নতি হৈছে আৰু তেওঁ যে ছবিৰ বাবে নিৰ্মিত সেই কথা প্ৰমাণ কৰিছে। শেহতীয়াকৈ যেতিয়া পাপাৰাজীয়ে তেওঁৰ ফোনৰ ৱালপেপাৰত তেওঁৰ প্ৰয়াত মাতৃৰ প্ৰতি থকা প্ৰেম স্পষ্টকৈ দেখা পাইছিল।


যোৱা নিশা মহানগৰীত দেখা গ’ল জাহ্নৱী কাপুৰক। পাপাৰাজীয়ে ফটো ক্লিক কৰাৰ লগে লগে জাহ্নৱী কাপুৰে হাতেৰে হাঁহিটো লুকুৱাবলৈ চেষ্টা কৰা দেখা গ’ল। অভিনেত্ৰীগৰাকীয়ে বিনা মেকআপৰে চুলিখিনি মেলি ৰাখিছিল। গাড়ীত বহি থাকোঁতে অভিনেত্ৰীগৰাকীয়ে নিজৰ ফোনটো চাৰ্জিং কৰি ৰাখিছিল আৰু একে সময়তে তেওঁৰ ফোনটোৰ ৱালপেপাৰত শ্ৰীদেৱীৰ সৈতে তেওঁৰ এখন মৰমলগা ছবি ওলাই পৰিছিল। এই ছবিখন যেন জাহ্নৱীৰ শৈশৱৰ য’ত প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে নিজৰ মৰমৰ কন্যাক ধৰি ৰাখিছিল তেওঁৰ দুবাহুৰে। অনুৰাগীসকলে কয় যে মাতৃক হেৰুৱাৰ বেদনা জাহ্নৱীৰ চকুত দেখা গৈছিল।

শেহতীয়াকৈ জাহ্নৱী কাপুৰে ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে। এই ছবিখনত তেওঁক ৰাজকুমাৰ ৰাওৰ সৈতে দেখা যাব। ইয়াৰ বাহিৰেও বৰুণ ধাৱনৰ সৈতে ঝনৱীৰ ‘বোৱাল’ আছে। নিতেশ তিৱাৰীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন ২০২৩ চনৰ ৬ অক্টোবৰত ছবিগৃহত মুক্তি পাব। জুনিয়ৰ এনটিআৰৰ ‘এনটিআৰ ৩০’ৰ অংশও। শেহতীয়াকৈ তেওঁ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছে।

Leave A Reply