Breaking

জাহ্নৱী কাপুৰৰ সপোন বাস্তৱত ! হাতত জুনিয়ৰ এন টি আৰৰ ছবি…

0 67

অতি শীঘ্ৰেই চাউথ চিনেমাত অভিষেক ঘটাব জাহ্নৱী কাপুৰে। জুনিয়ৰ এন টি আৰৰ সৈতে এখন ছবিত অভিনয় কৰিব। বলীউডৰ ছবিত নিজৰ নাম উজলাই তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে জানহৱী কাপুৰে। ‘ধদক’ ছবিৰে অভিনয় জীৱন আৰম্ভ কৰা অভিনেত্ৰীগৰাকীয়ে এতিয়া দক্ষিণৰ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিব। অভিনেত্ৰীগৰাকীক জুনিয়ৰ এনটিআৰৰ ছবি ‘এনটিআৰ ৩০’ (এনটিআৰ ৩অ’)ত দেখা যাব। এই ছবিখনৰ জৰিয়তে দক্ষিণ চিনেমাত ভৰি দিবলৈ ওলাইছে জাহ্নৱীয়ে। এই ছবিখনৰ জৰিয়তে জাহ্নৱী কাপুৰৰ জীৱনৰ এটা ডাঙৰ সপোনও পূৰণ হ’বলৈ গৈ আছে।


জাহ্নৱী কাপুৰে এবাৰ তেওঁৰ সাক্ষাৎকাৰত জুনিয়ৰ এন টি আৰৰ সৈতে কাম কৰাৰ ইচ্ছাৰ কথা উল্লেখ কৰিছিল, তেতিয়াৰ পৰাই আলোচনা হৈছিল যে অভিনেত্ৰীগৰাকীয়ে অতি সোনকালে দক্ষিণ চিনেমাত ভৰি দিব। কিন্তু তেওঁৰ পিতৃ বনী কাপুৰে এই সকলোবোৰ বাতৰি সম্পূৰ্ণৰূপে নাকচ কৰিছিল যে তেওঁৰ কন্যা জাহ্নৱী কাপুৰে দক্ষিণৰ কোনো এখন ছবিত চহী কৰিবলৈ যোৱা নাই। এতিয়া জাহ্নৱীয়ে ‘এনটিআৰ ৩০’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ শ্বেয়াৰ কৰিছে আৰু আনুষ্ঠানিক ঘোষণা কৰিছে যে তেওঁ জুনিয়ৰ এনটিআৰৰ সৈতে চাউথ চিনেমাত অভিষেক ঘটাব। এই পোষ্টটোৰ জৰিয়তে জাহ্নৱীয়েও কেপচনত উল্লেখ কৰিছে । জুনিয়ৰ এনটিআৰৰ এনটিআৰ ৩০ত দেখা যাব জাহ্নৱী কাপুৰক।

জাহ্নৱী কাপুৰে ছবিখনৰ প্ৰথম লুক শ্বেয়াৰ কৰি লিখিছে, ‘অৱশেষত মোৰ প্ৰিয় @jrntr ৰ সৈতে এই যাত্ৰা’। চাউথৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰৰ সৈতে জাহ্নৱীক দেখি আচৰিত হৈ পৰিছে অনুৰাগী।আনহাতে ৰাণা দগ্গুবাটিৰ সৈতে ‘ৰাণা নাইডু’ ৱেব চিৰিজত দেখা যাব জাহৱী কাপুৰক। শেহতীয়াকৈ নেটফ্লিক্সত মুক্তি পাবলগীয়া এই ধাৰাবাহিকখনৰ এটা টিজাৰ মুকলি কৰা হৈছে য’ত প্ৰকাশ পাইছিল যে জাহ্নৱীয়ে এই ৱেব ধাৰাবাহিকখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ওলাইছে। ইয়াৰ উপৰিও বলীউডৰ ছবি ‘বাৱাল’ আৰু ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’তো দেখা যাব অভিনেত্ৰীগৰাকীক।

Leave A Reply