Breaking

চলিত অসম গ্ৰন্থমেলাত ‘জোনাক’ আলোচনীৰ জানুৱাৰী বিশেষ সংখ্যা আৰু নৱবৰ্ষৰ কেলেণ্ডাৰৰ শুভ উন্মোচন

0 60

যোৱা ৫ জানুৱাৰী বৃহস্পতিবাৰে গধূলি ৬ বজাত চানমাৰিত চলি থকা অসম গ্ৰন্থমেলাৰ “ক’লাজ’ বিপণীত মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ জানুৱাৰী বিশেষ সংখ্যটো আৰু কেলেণ্ডাৰখনৰ শুভ উন্মোচন হৈ যায়। উল্লেখ থাকে যে “উত্তৰ পুৰুষৰ মঞ্চ”ৰ সদস্যৰ লেখাক লৈ বিশেষভাৱে যুগুতাই প্ৰকাশি ওলোৱা এই সংখ্যটো উন্মোচন কৰে জনসমাদৃত কবি, সাহিত্যিক, নাট্যকাৰ, ঔপন্যাসিক, লেখক প্ৰণৱ কুমাৰ বৰ্মনে। কবি,লেখক, জোনাক আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত উন্মোচকৰ ৰসগ্ৰাহী ভাষণত প্ৰণৱ কুমাৰ বৰ্মনে কয়–” চন্দ্ৰকুমাৰ আগৰৱালাই কৈছিল অসমীয়া কাকত-আলোচনীৰ আয়ুস কাল কচুপাতৰ পানীৰ দৰে; তাৰ মাজতো অসমীয়া সাহিত্যৰ পৃথিৱীত আজি সুদীৰ্ঘ ১৬ বছৰে মাহেকীয়াকৈ এখন আলোচনী ওলাই থকাটো কম কথা নহয়, এই সোণসেৰীয়া যাত্ৰা অটুট থাকক” ।

উত্তৰ পুৰুষৰ মঞ্চৰ সম্পাদক হৰেকৃষ্ণ হালৈয়ে অতিথি সম্পাদকৰ দায়িত্ব লৈ সম্পাদনা কৰা, জোনাকৰ ৰঙীণ কেলেণ্ডাৰখনৰ শুভ উন্মোচন কৰে কবি, সাহিত্যিক, ঔপন্যাসিক, গীতিকাৰ ড° আকাশীতৰাই। কেলেণ্ডাৰখনৰ ভূয়সী প্ৰশংসা কৰি চমুৱাই বক্তব্য ৰাখি তেখেতে কয়- ” মই শব্দৰ প্ৰেমত বন্দী, এই ধৰাত কিতাপ থাকিবয়, আখৰৰ কোনো কালেই হীন-ডেঢ়ি নহয়, গীতা কোৰাণ বাইবেল ধৰ্মগ্ৰন্থ যেনেকৈ যুগৰ পৰা যুগ চলি আছে, কিতাপৰ চোক-সমাদৰ সদায় থাকিব, সময়ৰ সোঁতত পাঠকৰ অলপ ইফাল-সিফাল হ’ব পাৰে।” উত্তৰ পুৰুষৰ মঞ্চৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট লেখক, শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসদেৱে অতিথিৰূপে মনৰ কথা ব্যক্ত কৰা অনুষ্ঠানটিত জোনাকৰ সহকাৰী সম্পাদক নৱ ডেকা, ক’লাজৰ স্বত্বাধিকাৰী গগন বৰ্মন, উপুমৰ উপদেষ্টা ববিতা বৈশ্য লহকৰ, জ্যোতিপ্ৰিয়া লহকৰ, ফুকন ৰাজবংশী, ৰূপাঞ্জলী ডেকা, কম্পীমণি ডেকা, অসীম প্ৰকাশ শৰ্মা, অহিৰণ অন্তৰীপ হালৈ, কৌস্তভ ডেকা,নীৰজনীল ডেকা উপস্থিত থাকে। অনাতাঁৰ শিল্পী তথা বিশিষ্টা লেখিকা শিখামণি দত্তই এটি সুৱদীসুৰীয়া গীত গাই অনুষ্ঠানটিৰ মোখনি মাৰে।

Leave A Reply