Breaking

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পানীপুৰি আৰু লাছীৰ সোৱাদ ল’লে জাপানৰ প্ৰধানমন্ত্ৰীয়ে…

0 44

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰীয়ে ফুমিঅ’ কিছিদায়ে সোৱাদ ললে পানীপুৰিৰ… ফটো চাওক!

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু অঞ্চলৰ সাংস্কৃতিক আৰু কলাত্মক সমৃদ্ধি চিত্ৰিত কৰি বিদেশী গণ্যমান্য ব্যক্তিক প্ৰায়ে উপহাৰ প্ৰদান কৰি আহিছে। ভাৰতলৈ ৰাজ্যিক ভ্ৰমণলৈ অহা জাপানৰ সমকক্ষ ফুমিঅ’ কিছিদাক সোমবাৰে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ সমকক্ষ ফুমিঅ’ৰ সৈতে দিল্লীৰ বুদ্ধ জয়ন্তী পাৰ্কত খোজ কাঢ়ি যোৱা দেখা গ’ল। দুয়োগৰাকী নেতাই উদ্যানখনৰ বাল বোধি গছ পৰিদৰ্শন কৰে।

ইয়াৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত গোলগাপ্পা, লাছি আৰু আমৰ পান্না উপভোগ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ফুমিঅ’ কিছিদাক ‘কদমউড জালি বক্স’ (কদম্ব কাঠেৰে নিৰ্মিত জালি বাকচ)ত চন্দন কাঠৰ বুদ্ধৰ প্ৰতিমূৰ্তি প্ৰদান কৰিছিল। এই মূৰ্তিটো কৰ্ণাটকৰ চন্দন কাঠেৰে তৈয়াৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায়ে বিদেশী বিশিষ্ট ব্যক্তিসকলক ভাৰতৰ বিভিন্ন ৰাজ্য আৰু অঞ্চলৰ সাংস্কৃতিক আৰু কলাত্মক সমৃদ্ধি চিত্ৰিত কৰি উপহাৰ প্ৰদান কৰি আহিছে।

জাপানৰ মন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰধানমন্ত্ৰী মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ফুচকা খালে, লাছীকো উপভোগ কৰিলে। ক’ভিড-১৯ মহামাৰীৰ পাছত শান্তিপূৰ্ণ, সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ বাবে ভাৰত-জাপানৰ কৌশলগত অংশীদাৰিত্ব সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে জাপানৰ সমকক্ষ ফুমিঅ’ কিছিদাৰ সৈতে ব্যাপক আলোচনাত মিলিত হয়।

বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বিশ্বৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ভাৰতৰ জি-২০ৰ অধ্যক্ষতা আৰু জি-৭ৰ জাপানৰ অধ্যক্ষৰ সমন্বয়ৰ বাবে দিল্লীত উপস্থিত হৈছে জাপানৰ প্ৰধানমন্ত্ৰী।

japan

Leave A Reply