Breaking

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ ছুইমিঙত চাৰিটাকৈ পদক লাভ কৰা জেছমিন খাতুনক বঙাইগাঁও প্ৰেছ ক্লাবত সম্বৰ্ধনা

0 36

১৯ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্চ ছুইমিং চেম্পিয়নশ্বিপত ৩ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বঙাইগাঁৱৰ জেছমিন খাতুনক দেওবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত এক সম্বৰ্ধনা সভাও অনুষ্ঠিত হয় ৷

প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যখ্যা কৰে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰশান্ত ৰায়ে৷ খেলুৱৈগৰাকীক বঙাইগাঁও প্ৰেছ ক্লাবত ফুলাম গামোছা আৰু গ্ৰন্থ প্ৰদানৰে সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধনা অনুষ্ঠানত খেলুৱৈ গৰাকীয়ে তেওঁৰ এই সফলতাৰ বাবে বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ অধীনত ছুইমিং পুলৰ বিষয়ববীয়া সকল , প্ৰশিক্ষক সকলৰ লগতে সমূহ শুভাকাংক্ষী আৰু সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে ভাৰতৰ ছুইমিং ফেডাৰেছন চমুকৈ এচ এফ আইৰ অধীনত তথা কৰ্ণাটক ছুইমিং এছোচিয়েছনৰ উদ্যোগত য়েম্মেকেৰে ছুইমিং পুলত ২৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা ১৯ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্চ ছুইমিং চেম্পিয়নশ্বিপত বঙাইগাঁৱৰ জেছমিন খাতুনে অংশগ্ৰহণ কৰিছিল ৷

মহিলাৰ গ্ৰুপ ‘ডি’ শাখাত অংশগ্ৰহণ কৰি তেওঁ ক্ৰমে ৫০ মিটাৰ আৰু ১০০ মিটাৰ ব্ৰেষ্টট্ৰোক প্ৰতিযোগিতাত এটাকৈ ৰূপৰ পদক, ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ পদক লাভ কৰাৰ উপৰিও ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

বঙাইগাঁওস্থিত বঙাইগাঁও হাইস্কুল (ইংলিছ মিডিয়াম)ৰ শিক্ষয়িত্ৰী জেছমিন খাতুনে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা কঢ়িয়াই অনাত ইতিমধ্যে বঙাইগাঁওবাসী ৰাইজ তথা ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া প্ৰেমীসকল উৎফুল্লিত হৈ পৰিছে।


ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ বাসিন্দা জেছমিন প্ৰয়াত জব্বৰ আলী আৰু আমিনা খাতুনৰ জীয়ৰী তথা কামৰূল হকৰ সহধৰ্মিনী ৷

Leave A Reply