Breaking

শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাদ পৰিল জস্প্ৰিত বুমৰাহ…

0 64

মঙলবাৰে গুৱাহাটীত আৰম্ভ হ’বলগীয়া শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ বেগী বলাৰগৰাকীক বাহিৰ হোৱাৰ বাবে টিম ইণ্ডিয়াৰ পেচাৰ জছপ্ৰিত বুমৰাহৰ ৰাষ্ট্ৰীয় দললৈ উভতি অহাত আৰু অধিক পলম হৈছে। এদিনীয়াৰ বাবে ভাৰতীয় দলত পলমকৈ বুমৰাহক সংযোজন কৰা হৈছিল যদিও এতিয়া জানিব পৰা গৈছে যে এই বেগী বলাৰগৰাকী শৃংখলাৰ বাবে উপলব্ধ নহ’ব।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ সূত্ৰ অনুসৰি বুমৰাহক অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় পদক্ষেপলৈ লৰালৰি নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। মঙলবাৰে প্ৰথমখন এদিনীয়া খেলৰ বাবে গুৱাহাটীত অৱতৰণ কৰা ভাৰতীয় ক্ৰিকেটাৰসকলৰ ভিতৰতো নাছিল পেচ বলাৰগৰাকী।

২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা ক্ৰিকেট খেলৰ পৰা আঁতৰি থকা বুমৰাহ পিঠিৰ আঘাতৰ বাবে ২০২২ চনৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপতো খেলিব নোৱাৰিলে। এতিয়া পোহৰলৈ আহিছে যে তেওঁ বিশেষকৈ এনচিএৰ কৰ্মচাৰীৰ পৰামৰ্শ লৈ এদিনীয়া খেলিব নোৱাৰিব, বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰু ৫০ অভাৰৰ বিশ্বকাপৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে।

‘শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক ৩খন এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছে টিম ইণ্ডিয়াৰ পেচাৰ জছপ্ৰীত বুমৰাহ। এদিনীয়া শৃংখলাৰ পূর্বে গুৱাহাটীত দলটোত যোগদান কৰিবলৈ লোৱা বুমৰাহক বলিঙৰ স্থিতিস্থাপকতা গঢ়ি তুলিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব। এই সিদ্ধান্ত সতৰ্কতামূলক ব্যৱস্থা হিচাপে লোৱা হৈছে।জছপ্ৰিত বুমৰাহৰ সলনি কোনো লোকৰ নাম সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে উল্লেখ কৰা নাই।’ সোমবাৰে (৯ জানুৱাৰী) বিচিচিআইৰ এক বিবৃতিত কোৱা হৈছে।

ইয়াৰ পূৰ্বে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দলত তাৰকা পেচাৰ জছপ্ৰীত বুমৰাহক অন্তৰ্ভুক্ত কৰিছিল। ৩ জানুৱাৰীত বিচিচিআইয়ে এক সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল যে, ‘অল ইণ্ডিয়া ছিনিয়ৰ বাছনি সমিতিয়ে শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক মাষ্টাৰকাৰ্ড ৩ মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দলত পেচাৰ জছপ্ৰিত বুমৰাহক অন্তৰ্ভুক্ত কৰিছে।

‘পেচাৰগৰাকীক পুনৰ্বাসন কৰা হৈছে আৰু নেশ্যনেল ক্ৰিকেট একাডেমীয়ে তেওঁক ফিট বুলি ঘোষণা কৰিছে। তেওঁ অতি সোনকালে টিম ইণ্ডিয়াৰ এদিনীয়া দলত যোগদান কৰিব।’-বিচিচিআইয়ে আৰু কয়।

ছেপ্টেম্বৰৰ পৰা বেক ইছ্যুৰ বাবে বুমৰাহ প্ৰতিযোগিতামূলক ক্ৰিকেটত খেলিব পৰা নাই। পিঠিৰ আঘাতৰ বাবেও আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

Leave A Reply