Breaking

এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ ব্ৰঞ্জ পদক প্ৰাপ্ত জাওখাম দিলী চিংফৌ

0 2,066

অলিম্পিকত জয়ী হৈ ভাৰতৰ খেলুৱৈসকলে যি গৌৰৱৰ কঢ়িয়াই আনিলে সমগ্ৰ ভাৰতবৰ্ষত আজিও উলহ মালহৰ পৰিবেশে বিৰাজ কৰি থকা অৱস্থাতে ভাৰতবৰ্ষৰ অন্যতম ৰাজ্য অৰুণাচলৰ চাংলাং জিলাৰ  বৰডুমচাৰ লৈ আহিল শুভ সংবাদ। এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰডুমচাৰ জাওখাম দিলী চিংফৌয়ে ব্ৰঞ্জ পদক লাভ কৰি ভাৰতবৰ্ষৰ লগতে নিজ ৰাজ্যত এক বৃহৎ গৌৰৱ কঢ়িয়াই আনিছে। ব্ৰঞ্জ পদক লাভ কৰি প্ৰথম বাৰৰ বাবে নিজ ৰাজ্যত খোজ দিয়াৰ খবৰ পায় অৰুণাচল বৰডুমচাৰ চিংফৌৰ উন্নয়ন সমিতিয়ে এক আদৰণি অনুষ্ঠান আয়োজন কৰি অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ মূল গেতৰ পৰা আদৰণি সভাৰ মূল কক্ষলৈ আদৰণি জনায়। উপস্থিত থাকে স্থানীয় বিধায়ক সামলুং মুচাং, এডিচি বিষয়াৰ লগতে আহোম, আদিবাসী, চিংফৌ, কছাৰী, টাংছা লগতে ভিন্ন জাতীয় দল সংগঠন, সাংবাদিক, শিক্ষিত সমাজ আৰু স্থানীয় ৰাইজ উপস্থিত হৈ আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে।

আদৰণি সভাত স্থানীয় বিধায়ক সামলুং মুচাং ডাঙৰীয়াই গৌৰৱ কৰি কয় যে আজি মই সুখী হৈছোঁ আগন্তুক দিনত জাওখাম দিলী চিংফৌয়ে আগুৱাই যাওঁক প্ৰয়োজনত যিকোনো সুবিধা যোগ্য অনুসৰি সহায় কৰাৰ কথা প্ৰকাশ কৰে।ইয়াৰ লগতে আগন্তুক দিনত জাওখাম দিলী চিংফৌৰ দৰে আৰু ভাল ভাল খেলুয়ৈ ওলাব লাগিব তেতিয়াহে খেলৰ দিশত দুগুণ আগবাঢ়ি বুলি মন্তব্য প্ৰকাশ কৰে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে স্থানীয় বিধায়ক গৰাকীয়ে সকলোকে নিজৰ মা দেউতা বুলি ভবাৰ কথা প্ৰকাশ কৰি আগন্তুক দিনত নিজৰ সমষ্টিত যিকোনো সমস্যা সমাধানৰ বাবে কাম কৰি যাম বুলিও প্ৰকাশ কৰে। ব্ৰঞ্জ পদক প্ৰাপ্ত জাওখাম দিলী চিংফৌয়ে যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈছিল তেতিয়াও আৰ্থিক দিশত সহায় কৰাৰ কথা প্ৰকাশ কৰে। উপস্থিত থকা এডিছি বিষয়া জনেও শুভেচ্ছা মূলক বাৰ্তা প্ৰেৰণ কৰি আগন্তুক দিনত আৰু আগুৱাই যাবলৈ শুভেচ্ছা জ্ঞাপন কৰে। আদৰণি সভাৰ মুখ্য অতিথি ব্ৰঞ্জ পদক প্ৰাপ্ত জাওখাম দিলী চিংফৌয়ে আদৰণি সভাত নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি উক্ত পদক লাভ কৰিবলৈ সক্ষম হোৱাত প্ৰেৰণা দিয়া আৰু আৰ্থিক দিশত সহায় কৰা সমূহ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আদৰণি সভাৰ আহ্বায়ক সমিতিক ধন্যবাদ জ্ঞাপন কৰে। আগন্তুক দিনত স্বৰ্ণ পদক লবলৈ চেষ্টা চলাই যোৱাৰ কথা প্ৰকাশ কৰি নৱ প্ৰজন্মকক নিজৰ যোগ্য অনুসৰি নিজক ক্ৰিয়া দিশত আগুৱাই লৈ যাবলৈ আহ্বান জনাই।আহ্বায়ক সমিতিৰ লগতে উপস্থিত থকা অন্য দল সংগঠন আৰু স্থানীয় ৰাইজে গৌৰৱ অনুভৱ কৰিছে আৰু আগন্তুক দিনত স্থিৰ মনেৰে স্বৰ্ণ পদক লাভৰ বাবে প্ৰশিক্ষণ লোৱাৰ বাবে আহ্বান আৰু শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply