Breaking

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অখিলেশৰ হাত এৰি এন ডি এত যোগদান আৰ এল ডিৰ মুৰব্বী জয়ন্ত চৌধুৰীৰ…

0 14

আৰ এল ডিৰ মুৰব্বী জয়ন্তই অখিলেশ যাদৱক এৰি এন ডি এ শিবিৰত যোগদান কৰে। আগন্তুক লোকসভা নিৰ্বাচনত জয়ন্তক ৭খন আসন এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল অখিলেশে। কিন্তু তাৰ আগতে শনিবাৰে জয়ন্তই মুকলিকৈ ঘোষণা কৰিছিল যে তেওঁ এন ডি এ শিবিৰত যোগদান কৰিব।লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ আঘাত হানিল বিৰোধী মিত্ৰজোঁট ‘INDIA’ত। নীতিশ কুমাৰৰ পিছত এইবাৰ জয়ন্ত চৌধুৰী। তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত লিখিছে, ‘নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত এখন উন্নয়নশীল দেশত পৰিণত হৈছে। দৰিদ্ৰ কল্যাণৰ ক্ষেত্ৰত এক অভূতপূৰ্ব বিকাশ ঘটিছে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাদ্দাক সাক্ষাৎ কৰি এন ডি এ শিবিৰত যোগদান কৰাৰ সিদ্ধান্ত লৈছিলো। এন ডি এৰ দৃষ্টিভংগী এখন উন্নত ভাৰতৰ বাবে। লোকসভা নিৰ্বাচনত ৪০০ৰো অধিক আসন লাভ কৰিব।

এই সন্দৰ্ভত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই শনিবাৰে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘আজি আৰ এল ডিৰ মুৰব্বী জয়ন্ত চৌধুৰীৰ সৈতে অমিত শ্বাহৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। এন ডি এ পৰিয়ালত যোগদান কৰাৰ তেওঁৰ সিদ্ধান্তক মই আন্তৰিকতাৰে আদৰণি জনাইছো।” একে সময়তে নাড্ডাই এই লোকসভা নিৰ্বাচনত পদ্ম-শিবিৰে ৪০০ৰো অধিক আসন লাভ কৰিব বুলিও দাবী কৰে।

Leave A Reply