Breaking

উজনিত উজ্বলিল দৰঙৰ জেং বিহু দল…

0 21

অকল নামনি বা মধ্য অসমতে নহয়, দৰঙৰ সমন্বয় আঞ্চলিক মহিলা সমাজৰ জেং বিহু দলটি উজনিতো উজলি উঠিছে। জানিব পৰা মতে, যোৱা ২০ এপ্ৰিলত যোৰহাটৰ স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত সদৌ অসম সাত বিহু উদযাপন সমিতিৰ দ্বাৰা অনুষ্ঠিত জেং বিহু প্ৰতিযোগিতাত দৰঙৰ সমন্বয় আঞ্চলিক মহিলা সমাজৰ দলটোৱে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে।

এনেদৰে দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা দলটোৰ শিল্লী সকল হৈছে ক্ৰমে- পিংকি হাজৰিকা, কুইন হাজৰিকা, শেৱালী ডেকা, মহাশ্বেতা দেৱী, জিণ্টি শইকীয়া, সোণতৰা বৰুৱা, বিনিতা চহৰীয়া, চিন্ময়ী হাজৰিকা, ক্ষীৰদা বৰুৱা, লভিতা ডেকা, অনামিকা ডেকা,

ভিতালী বৰুৱা, অম্বালিকা ডেকা, জোনালী ডেকা, নিজৰা ডেকা। উল্লেখ্য যে, এই দলটোৱে দুবছৰ ধৰি বিভিন্ন মঞ্চত বঁটা বুটলিবলৈ সক্ষম হৈছে।

Leave A Reply