Breaking

জীতেন শইকীয়াক ৰাষ্ট্ৰীয় মানৱ‌ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ শিক্ষক প্ৰেৰণা সন্মান প্ৰদান

0 653

ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত লাওগাঁও প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীতেন শইকীয়াক ৰাষ্ট্ৰীয় মানৱ‌অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ(National Human Rights and Crime Control Bureau)ৰ উদ্যোগত শিক্ষক প্ৰেৰণা সন্মান প্ৰদান কৰা হয়।শিক্ষক দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনা ৰাষ্ট্ৰীয় মানৱ‌অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ বিষয়ববীয়া সকলৰ এটি মহিলা দল শিক্ষক জীতেন শ‌ইকীয়াক তেওঁৰ নগাঁও চহৰৰ আমোলাপট্টিস্থিত বাসগৃহত এই সন্মত প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ১৯৩১ চনৰ পৰা বিগত ৩১ বছৰে শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োই অহা তেওঁৰ উৎকৃষ্ট অৱদান, কষ্ট আৰু ত্যাগৰ বাবে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি জীতেন শ‌ইকীয়াক শিক্ষক প্ৰেৰণা সন্মান প্ৰদান কৰা হয়।ৰাষ্ট্ৰীয় মানৱ‌অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ দলটোৱে জীতেন শ‌ইকীয়াক এখনি ফুলাম গামোচা আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষক গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

Leave A Reply