কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ফাইলাগুৰিত আজি বি জে পি দলৰ এখন দলীয় সভাত অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক দলৰ এক হাজাৰ সদস্য বি জে পি দলত আনুষ্ঠানিক ভাবে যোগদান কৰে ।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰীৰামপুৰ মণ্ডল কমিটীৰ সভাপতি ইমানুয়েল মনছিং হাসদাৰ সভাপতিত্বত গোসাইগাঁও মহকুমাৰ ফাইলাগুৰি খেল পথাৰত আজি বিজেপি দলৰ এখন যোগদান সভা অনুষ্ঠিত হয় । শ্ৰীৰামপুৰ মণ্ডল বিজেপিৰ সম্পাদক শ্ৰীবাস দাসে আঁত ধৰা সভা খনত বি জে পি দলৰ সফলতাৰ লগতে দলৰ আদৰ্শ আৰু নীতিৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষন প্ৰদান কৰে কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি আৰু উপ-সভাপতি ক্ৰমে বিভূতি বৰগয়াৰী আৰু সুৰথ চন্দ্ৰ ৰায় আৰু শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল সিংহই । ইয়াৰ উপৰি সভাত বিজেপি দলৰ জিলা, মণ্ডল আৰু বুথ পৰ্যায়ৰ নেতা-কৰ্মী সকল উপস্থিত থাকে । মনকৰিবলগীয়া যে উক্ত সভাতে কোকৰাঝাৰ জিলা বি পি এফ কমিটিৰ উপ-সভাপতি সঞ্জয় মাৰাণ্ডীৰ নেতৃত্বত বি পি এফ দলৰ ভি চি ডি চিৰ সদস্য, দলৰ নেতা-কৰ্মীৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ এক হাজাৰ গৰাকী লোকে বিজেপি দলত যোগদান কৰে । উল্লেখ্য যে বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বি পি এফ দলৰ দখলত থকা ২৮নং গোসাইগাঁও বিধান সভা সমষ্টিত বিজেপি দলৰ তৎপৰতা দুগুনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।
Breaking
- বকোৰ বিধায়িকা নন্দিতা দাসৰ সমআগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘৰে ঘৰে প্ৰচাৰ অভিযান
- ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত মিত্ৰজোটৰ নীতিক ধোৱাচাঙত তুলি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নিজা নিজা প্ৰাৰ্থী
- তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ
- তিনিচুকীয়াত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে আৰ জে দিৰ প্ৰাৰ্থী, জিলা কংগ্ৰেছৰ বিষয় – ববীয়াৰ দলত্যাগ
- পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ টীয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন বাবে যাত্ৰা
- আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২১ : স্মৃতি ইৰাণীয়ে এই বিশেষ পোষ্টেৰে নাৰীসকলক ধন্যবাদ জনাইছে
- ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা
- নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা
- নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন
- মাজবাটত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ দ্ৰাইভাৰৰ পলায়ন