Breaking

পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ দাবীৰে যৌথ মঞ্চৰ সভা

0 201

“ভাৰতবৰ্ষ এখন কল্যাণকামী সমাজতান্ত্ৰিক গণৰাজ্য। ভাৰত গণৰাজ্যই মুল লক্ষ্যৰ পৰা পিছলি যোৱা যেন অনুভৱ হয়। চৰকাৰে জনহিতৈষী, সংস্কাৰমুখী আৰু উন্নয়নকামী বুলি কলেও চৰকাৰী কৰ্মচাৰী সমাজৰ ক্ষেত্ৰত সেয়া প্ৰমানিত হোৱা নাই। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজ আজি শংকিত নিজৰ ভবিষ্যত অৱসৰী জীৱনৰ আৰ্থিক দন্যতাৰ বাবে। এই ত্ৰাসিত কৰ্মচাৰী সমাজে বিভিন্ন পৰ্যায়ত একত্ৰে জনোৱা পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ দাবীক আন অনুৰোধৰ দৰে গুৰুত্বহীন বুলি ভাবি কৰ্মচাৰী সমাজক অন্যায় কৰা যেন হৈছে। যদিহে আমাৰ পৰা ১০০% কাম, দক্ষতা আশা কৰা হয়, আমাৰ দাবীক সঠিক গুৰুত্ব দিবই লাগিব। অসমৰ কৰ্মচাৰী সমাজে নিজৰ ভবিষ্যত সুৰক্ষাৰ স্বাৰ্থ নিশ্চিত কৰিবলৈ গণতান্ত্ৰিক পদ্ধতিৰে ৰাজপথলৈ আহিবলৈ বাধ্য কৰিছে । পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ সংগ্ৰামক তীব্ৰ্তৰ কৰাৰ বাবে আজি ৫৫ টাৰো অধিক শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সংস্থা/ সংঘৰ যৌথ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ সভাই অহা ইং ২২ আৰু ২৩ আগষ্ট ২০২৩ তাৰিখে কৰ্মবিৰতি পালন কৰি কৰ্মচাৰী সমাজক অসম চৰকাৰে দেখুউৱা অবহেলাৰ বাবে প্ৰতিবাদ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ বাবে দাবী জনাব”- দেওবাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু সদৌ অসম তথ্য আৰু জনসংযোগ কৰ্মচাৰী সংস্থাৰ সহযোগত আয়োজন কৰা অসমৰ শিক্ষক- কৰ্মচাৰী-শ্ৰমিক সংস্থা/ সংঘৰ যৌথ মঞ্চত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এই প্ৰেছ বিজ্ঞপ্তিৰে প্ৰকাশ কৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই।


লগতে কয়, “চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ। তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে। তেওলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মূখ্যত কাম কৰি আহিছে। এই সকল ব্যক্তিৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল’ব লাগিব। এয়া ভাৰতৰ সভ্যতা, সংস্কৃতিয়ে নিৰ্দেশ কৰিছে। চৰকাৰে এন পি এছ ব্যৱস্থাৰে অসমৰ বিষয়া- শিক্ষক- আৰক্ষী- কৰ্মচাৰী সমাজক অন্ধকাৰ ভবিষ্যতলৈ নিয়া কাৰ্য ভাৰতীয় ঐতিহ্য, সভ্যতা, সংস্কৃতিৰ পৰিপন্থী।

সেয়েহে অনতিপলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰী সকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে। ইতিমধ্যে ৰাজস্থান, চত্তিশগড়, ঝাৰখণ্ড, পঞ্চাৱ, হিমাচল প্ৰদেশ চৰকাৰৰ উপৰিও কৰ্ণাটক চৰকাৰে পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠা কৰি ৰাজ্য কেইখনৰ কৰ্মচাৰী সমাজক ন্যায় প্ৰদান কৰিছে। আজি স্পষ্ট যে অসম চৰকাৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছে কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষা।

কিন্তু বিষয়টিৰ প্ৰতি চৰকাৰৰ অৱহেলা স্পষ্ট। চৰকাৰৰ এই শেহতীয়া ভূমিকাত অসমৰ শিক্ষক- কৰ্মচাৰী সমাজ যথেষ্ট অসন্তুষ্ট। অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত অসম চৰকাৰৰ পৰা আমি তাৎক্ষনিকভাবে ইতিবাচক সঁহাৰি বিচাৰো ৷ অসমৰ কৰ্মচাৰী সমাজৰ দাবীৰ প্ৰতি চৰকাৰৰ যি মনোভাৱ সেয়া মুঠেও সন্তোষজনক নহয় বাবে এক শক্তিশালী গনতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ আমি বাধ্য হৈছো ৷ চৰকাৰে এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নকৰালৈকে ৰাজ্যৰ কৰ্মচাৰী সকলে আন্দোলন অব্যাহত ৰাখিব ৷ আজিৰ সভাই এই মাহৰ পৰা ৰাজ্যিক, জিলা, আঞ্চলিক আৰু কাৰ্যালয় পৰ্যায়ত পোষ্টেল বেলট ভোটদানৰ কৰ্মশালা, নবেম্বৰ- ডিচেম্বৰ ২০২৩ ত অসমৰ প্ৰতিখন জিলা সামৰি, শদিয়াৰ পৰা ধুবুৰী লৈ এক বিশাল ৰেলী আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে“। আনহাতে এন পি এছৰ বাহিৰে শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সমাজৰ উমৈহতীয়া সমস্যা/ দাবী যেনে কৰ্মস্থলীত সুৰক্ষা, স্বাস্থ্য বীমা আঁচনি আদি বিষয়ত ঐক্যবদ্ধ ভাবে যৌথ মঞ্চৰ জৰিয়তে মাত মাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বুলি হাজৰিকাই প্ৰকাশ কৰে।

সভাত উত্তৰ পূৱ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশিস বিশ্বাস, জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ্ আৰু এচ বি আই কৰ্মচাৰী সন্থাৰ হৈ প্ৰদীপ কুমাৰ বৈশ্য, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি অধ্যাপক হিমাংশু মৰল, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত ভাণ্ডাৰ কায়ষ্ঠ, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, সদৌ অসম শিক্ষক কৰ্মচাৰী সংস্থা (২০১৩ প্ৰাদেশিকৃত)ৰ সভাপতি প্ৰবীন শইকীয়া, অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা, গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মচাৰী সংস্থাৰ হৈ প্ৰশান্ত শইকীয়া, সদৌ অসম DIET বিষয়া সংস্থাৰ হৈ ড ভগৱান দাস,অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, সদৌ অসম চেকেণ্ডেৰী স্নাতক শিক্ষক সন্থাৰ হৈ আব্দুল ৰৌফ আহমেদ, সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনৰ সাধাৰণ সম্পাদক ৰমেন চন্দ্ৰ পেগু, Assam Electricity Employees Movement for Old Pension System ৰ সাধাৰন সম্পাদক অমিত কৰ, সদৌ অসম তথ্য আৰু জনসংযোগ কৰ্মচাৰী সন্থাৰ সভাপতি ৰাচিদ জামাল, Assam State Electricity Supply Worker Unionৰ যুটীয়া সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মা, Assam State Electricity Worker Union ৰ সভাপতি মুকুট মনি দাস আদি বিভিন্ন সংস্থাৰ বিষয়-ববীয়া প্ৰতিনিধিয়ে বক্তব্য প্ৰদান কৰে।

Leave A Reply