Breaking

বিজেপি-অগপ-ইউ পি পি এলৰ নেতৃত্বৰ যৌথ সভা সম্পন্ন…

0 52

বিজেপি-অগপ আৰু ইউ পি পি এল দলৰ মুখপাত্র তথা শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আজি খানাপাৰাস্থিত বড়োলেণ্ড অতিথিশালাত এখন যৌথ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক সাংসদ পল্লৱ লোচন দাস, মুখ্য মুখপাত্র মনোজ বৰুৱা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, অগপৰ উপ সভাপতিদ্বয় দিলীপ পাটগিৰী, সুনীল ডেকা, সাধাৰণ সম্পাদক মনোজ শ‍ইকীয়া, তথ্য আৰু প্ৰচাৰ সম্পাদক ড০ তপন দাস, ইউ পি পি এলৰ হৈ ই এমত্ৰয় ৰঞ্জিত বসুমতাৰী, উইলচন হাজদা, ৰাকেশ ব্ৰহ্ম, বিধায়ক ঝলেন দৈমাৰীৰ লগতে তিনিওটা দলৰ মুখপাত্ৰ আৰু পেনেলিষ্ট সকল উপস্থিত আছিল।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আজিৰ যৌথ সভাখনিৰ বিষয়ে বৰ্ণনা কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ উন্নয়ন আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্র ৰাজ্যৰ উন্নয়নৰ অর্থে বহুটো কল্যাণকামী পদক্ষেপ গ্রহণ কৰিছে। অনাগত দিনত তিনিওটা দলেই সমূহীয়াভাৱে এন ডি এ চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহ ৰাইজৰ মাজলৈ কঢ়িয়াই নিব।

আজিৰ সভাই তিনিওটা দলৰ কাৰ্যকৰ্তাৰ মাজত অধিক সক্রিয়তা গঢ়ি তুলিবলৈ আগন্তুক দিনত এখন কর্মশালা আয়োজনৰ লগতে দলৰ তিনিটাৰ ৰাজ্যিক সভাপতিত্রয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন সন্মিলিত সাংগঠনিক সভাৰ আয়োজনৰ পোষকতা কৰে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিওটা দলৰ মুখপাত্র তথা সংবাদ বিভাগে ৰাজ্যিক পৰ্যায়ৰ দৰে জিলা পৰ্যায়তো সন্মিলিতভাৱে কাম কৰি যাব বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৭ ছেপ্তেম্বৰত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱন আৰু ১৩ ছেপ্তেম্বৰত অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত দুয়োটা দলৰ মুখপাত্ৰ আৰু শীর্ষ নেতৃত্বৰ উপস্থিতিত দুখন সন্মিলিত বৈঠক অনুষ্ঠিত হৈছিল।

(দেৱান ধ্ৰুৱজ্যোতি মৰল) আহ্বায়ক,

ৰাজ্যিক সংবাদ বিভাগ ভাৰতীয় জনতা পার্টি, অসম প্রদেশ

Leave A Reply