Breaking

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত দীপৰ বিলৰ উপযুক্ত সংৰক্ষণৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগৰ যুটীয়া জৰীপ

0 2,024

বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা দীপৰ বিলখনক বিজ্ঞানসন্মত ভাবে সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে । বিশেষকৈ বিগত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ কিছুদিন পূৰ্বে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপৰ বিলত এটা অনুষ্ঠানত ভাগলৈ  আগন্তক দিনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিলে বিলখনৰ উপযুক্ত সংৰক্ষণ , সংবৰ্ধন কৰি তাক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ কৰা হব বুলি ঘোষণা কৰিছিল । অৱশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পূৰ্বসুৰী সৰ্বানন্দ সোণোৱালে কৰা ঘোষণাক বাস্তৱায়িত কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দীপৰ বিলখনক বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰি তাক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংলিষ্ট বিভাগ সমূহক নিৰ্দেশ দিছে । এই নিৰ্দেশৰ আধাৰত আজি দিনৰ ভাগত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নেতৃত্বত জিলা প্ৰশাসনৰ এটা দল দীপৰ বিলত উপস্থিত হয় । দলটোত কামৰূপ মহানগৰ  জিলাৰ জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী , অতিৰিক্ত উপায়ুক্ত গুনজিৎ দাস , অসম চৰকাৰৰ সহকাৰী ভূমিলেখ্য অধিকৰ্তা বিতোপন কোঁৱৰ , আজাৰা আৰু গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় ক্ৰমে মৃণাল বৰা আৰু লক্ষ্যজিৎ দুৱৰীয়া ,  লাট মণ্ডল  , বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক মুকুল তামুলী , দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া যতীন বৰা উপস্থিত থাকে । আনহাতে দলটোৱে মেচিন নাৱেৰে সমগ্ৰ দীপৰ বিল পৰিভ্ৰমণ কৰে আৰু উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত বিলখনত জিলা প্ৰশাসন আৰু বন বিভাগৰ দলটোৱে যুটীয়াভাবে  জৰীপ চলায়  । আনহাতে জৰীপৰ অন্তত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় বিলখনৰ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষিত ৪.১ বৰ্গ কিঃমিঃ ৰ উপৰিও চৰকাৰে চাৰিওকাষে অতিৰিক্তভাবে ২.৮ বৰ্গ কিঃমিঃ অঞ্চল বাফাৰ জন হিচাপে সংৰক্ষণ কৰিব । সেই অতিৰিক্ত স্থানখিনী চিনাক্ত কৰি তাক সংৰক্ষণৰ লক্ষ্যৰে আজি বিলখনত যুটীয়াভাবে  জৰীপ কার্য চলোৱাৰ লগতে  গুৱাহাটীক বচাবলৈ হলে দীপৰ বিলৰ সংৰক্ষৰ বিকল্প নাই বুলি উপায়ুক্ত বিশ্বজিৎ পেগুৱে সদৰী কৰিছে ।

Leave A Reply