Breaking

বন বিভাগৰ দুৰ্বলতাৰ বাবেই ধ্বংস হৈছে জকাই বনাঞ্চল

0 529

চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ বিষয়ত গুৰুত্ব প্ৰদান কৰা সময়তে বন বিভাগৰ দুৰ্বলতা আৰু গুৰুত্বহীনতাৰ বাবেই ধ্বংস হৈ পৰিছে ডিব্ৰুগড়ৰ জকাই বনাঞ্চল। কেইবা হাজাৰ বিঘাৰ মাটিকালি যুৰি থকা এই বনাঞ্চল খনত প্ৰতি দিনেই মূল্যবান গছ সমূহ কাটি শেষ কৰিছে দুষ্কৃতিকাৰীয়ে। দল সংগঠন আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পাছতো বন বিভাগে বহু মূল্যবান গছ-গছনি থকা বনাঞ্চলখন সংৰক্ষণৰ বাবে আজি পৰ্যন্ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।‌ ফলত বিনাবাধাৰে বনাঞ্চলখন ধ্বংস কৰিছে। ইফালে বনাঞ্চলৰ কাষতে লাগি থকা জকাই বন বিষয়া কাৰ্যালয়ৰ পৰা বন ধ্বংসৰ বাবে হাত উজান দিয়া বুলি ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে । কিয়নো বনাঞ্চল খন সুৰক্ষাৰ বাবে জকাই বন বিষয়া কাৰ্যালয়টো আছে যদিও কিন্তু বন বিষয়াৰ পৰা বন কৰ্মী সকলে বন ধ্বংস কৰা দেখিও নেদেখাৰ ভাও জুৰি থকা ফলতেই জকাই বনাঞ্চলৰ বহু মূল্যবান গছগছনি ইতিমধ্যে শেষ হ’ল । নতুন চৰকাৰৰ বন বিভাগে ডিব্ৰুগড় জিলাৰ অতি গুৰুত্বপূৰ্ণ জকাই বনাঞ্চল সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ আৰু দল সংগঠনে ।

Leave A Reply