জেৰেভক হৰুৱাই ফাইনেলত জক’ভিচ

এটা কেলেণ্ডাৰ গ্রেণ্ডশ্লাম পূর্ণ কৰিবলৈ আৰু মাত্র এটা জয়ৰ প্রয়োজন বিশ্বৰ শীর্ষ বাছনিৰ ছার্বিয়াৰ ন’ভাক জক’ভিচক৷ চলিত বর্ষৰ চতুর্থ তথা অন্তিমটো সন্মানীয় গ্রেণ্ডশ্লাম ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে এটা কেলেণ্ডাৰ গ্রেণ্ডশ্লাম পূর্ণ হ’ব জক’ভিচৰ৷

ইতিমধ্যে চলিত বর্ষটোত অষ্ট্রেলিয়ান অ’পেন, ফ্রেন্স অ’পেন আৰু উইম্বলডনৰ খিতাপ দখল কৰা জক’ভিচে চলিত ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ ছেমি ফাইনেল মেচ এখনত পাঁচটা ছেটৰ মাৰাথন যুঁজৰ অন্তত চতুর্থ বাছনিপ্রাপ্ত জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভক ৪–৬, ৬–২, ৬–৪, ৪–৬, ৬–২ ছেটত পৰাস্ত কৰে৷ কেৰিয়াৰৰ ২১সংখ্যক গ্রেণ্ডশ্লামৰ খিতাপৰ দখলৰ এখোজ আঁতৰত থকা ৩৪ বছৰীয়া জক’ভিচে ফাইনেলত দ্বিতীয় বাছনিপ্রাপ্ত ৰাছিয়াৰ ডানিল মেডভেডেভৰে মুখামুখি হ’ব৷

আনখন ছেমি ফাইনেলত মেডফেডেভে কানাডাৰ ফেলিক্স আগৰ আলিয়াছিমেক ৬–৪, ৭–৫, ৬–২ ছেটত পৰাস্ত কৰে৷ উল্লেখ্য যে গ্রেণ্ডশ্লামখনৰ খিতাপ জয়লাভ কৰিব পাৰিলে জক’ভিচে ১৯৬৯ চনত ৰ’ড লেভাৰৰ পিছত এটা বর্ষত চাৰিওটা গ্রেণ্ডশ্লাম খিতাপ দখল কৰা প্রথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হ’ব৷

Related Articles