Breaking

অসম চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ বগাচলাৰ বিধৱা মহিলা জোনালী ডেকাৰ মুখ্যমন্ত্ৰীক চাকৰিটো দিয়াৰ কাতৰ প্ৰাৰ্থনা…

0 295

এগৰাকী বিধৱা মহিলা।বয়স ২৫ বছৰমান হ’ব।দুই এমা-ডিমা সন্তানৰ সৈতে আছিল চাৰি গৰাকী পৰিয়াল।দিন হাজিৰাই পৰিয়ালটোৰ বাবে একমাত্ৰ সম্বল। পিছে নিয়তিৰ কি পৰিহাস।আজিৰ পৰা প্ৰায় পাঁচ বছৰ আগতে স্বামী এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাত তিনিজনীয়া পৰিয়ালটোলৈ নামি আহে ঘোৰ অমানিশা ।যাৰ পিছত স্বামীক অকালতে হেৰুৱাই জীৱন পথৰ দিকবিদিক হেৰুৱাই পেলোৱা পত্নী জোনালী ডেকাই দুই এমা-ডিমা সন্তানক বুকুত সাবোচ মাৰি ধৰি দিন হাজিৰা, খুজি-মাগি এক যন্ত্ৰণাকাতৰ দুখময় জীৱন অতিবাহিত কৰাৰ মাজতে অসম চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে।

ভগবানৰ কৃপা জোনালী ডেকাই কৃতিত্বৰে উত্তীৰ্ণ হয় এই পৰীক্ষাত।এদিন বাহিৰলৈ কাম কৰিবলৈ ওলাই নগ’লেই তিনি পৰিয়ালে ভোকে-লঘোনে কটাবলগীয়া হোৱা জোনালী ডেকাই কোনো টকা -পইচা নোলোৱাকৈয়ে পৰীক্ষা দি উত্তীৰ্ণ হোৱাত চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰীলৈ জনাইছে কৃতজ্ঞা আৰু ধন্যবাদ। সন্তান দুটাক জীয়াই ৰখাৰ স্বাৰ্থত যেন মুখ্যমন্ত্ৰীয়ে তেওঁক চাকৰিটো দি মহৎ উপকাৰ সাধন কৰে।এক আশাৰে চাকৰি লাভৰ সেই দিনলৈ বাট চাই আছে। ভগবানৰ ওচৰত জোনালী ডেকাই মুখ্যমন্ত্ৰীৰ সু-স্বাস্থ্য দীৰ্ঘায়ু জীৱন কামনা কৰি সদায়ে প্ৰাৰ্থনা কৰিছে। ইফালে নিচেই সৰুতে দেউতাকক হেৰুৱাই এসাঁজ খাই, দুসাঁজ লঘোনে থকা এমা -ডিমা দুই সন্তানেও মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে যে সিহঁতৰ দেউতাকৰ অৱৰ্তমানত জীয়াই থকাৰ পৰিৱেশ নোহোৱা হৈ পৰিছে।

কিমান দিনলৈ ভোগী থাকিব পেটৰ জলা-যন্ত্ৰনা। মুখ্যমন্ত্ৰীয়ে যেন সিহঁতৰ মাকক চাকৰিটো দিয়ে।ঘৰৰ ফালে চালে ব্যক্তি মাত্ৰকে চকুলো ওলোৱা পৰিৱেশ বিৰাজমান জোনালী ডেকাক সকলোৱে সন্তান দুটি পঢ়ি-শুনি জীয়াই থকাৰ মানৱীয় স্বাৰ্থতে এটা চাকৰি পোৱাটো অন্তৰৰ পৰা কামনা কৰিছে।চেঙেলীয়াঝাৰৰ যুৱ সমাজকৰ্মী আহমদ আলীয়ে জানিব দিয়া মতে বাৰিষা সময়ত জোনালী ডেকাই তিনি পৰিয়ালৰ পেটৰ ভাতমুঠিৰ বাবে তেওঁৰ মাটিত দিন হাজিৰাত কঠীয়া ৰুইছিল।নিচেই সৰু সন্তান দুটাক বাঘৰ কৰাৰ বাবে জোনালী ডেকাই অশেষ কষ্ট স্বীকাৰ কৰি আহিছে। স্বামীক অকালতে হেৰুৱাই নিঠৰুৱা হৈ পৰা জোনালী ডেকাক মুখ্যমন্ত্ৰীয়ে চতুৰ্থ শ্ৰেণীৰ চাকৰিটো দিলে তেওঁৰ লগতে সকলো লোকেই শান্তি তথা সুখী হ’ব বুলি আশা প্ৰকাশ কৰে।আমিও বিচাৰিছোঁ জোনালী ডেকাক মুখ্যমন্ত্ৰীয়ে চতুৰ্থ শ্ৰেণীৰ চাকৰি দিলে এমা-ডিমা দুই সন্তানৰ পঢ়া-শুনাকে ধৰি সকলো ফালৰ পৰা উপকৃত হ’ব।

Leave A Reply