Breaking

মাঘত বিয়াত বহাৰ সপোন পূৰণ নহ’ল জোনালীৰ

0 324

পুনৰ বিতৰ্কত উত্তৰ গুৱাহাটীৰ জি.এন.আৰ.চি. হাস্পতাল। কিয় বাৰে বাৰে বিতৰ্কত সোমায় জি এন আৰ চি হাস্পতাল। চিকিৎসা সেৱা নে ৰোগীৰ জীৱনকলৈ হেতালি খেলে জিএনআৰচি হাস্পতালে ? ইজনৰ পিছত সিজন ৰোগীৰ ভুল চিকিৎসাত মৃত্যুৰ খবৰ । ১৫ ডিচেম্বৰ, ২০২৩ত ভুল চিকিৎসাৰ অভিযোগত ৰোগীৰ আত্মীয়ই জবাবদিহি কৰে চিকিৎসালয়খনৰ কৰ্তৃপক্ষক।

অভিযোগ অনুসৰি বাইহাটা চাৰিআলিৰ ননৰা গাঁওৰ জোনালী কলিতা নামৰ ২২ বছৰীয়া যুৱতী গৰাকীৰ ভৰিত পূৰ্বে অস্ত্ৰোপচাৰ কৰি সংস্থাপিত কৰা হৈছিল প্লেট। ডাক্তৰৰ পৰামৰ্শ অনুসৰি এবছৰৰ পিছত প্লেট উলিয়াবলৈ পৰিয়ালৰ লোকে উত্তৰ গুৱাহাটী জি এন আৰ চিত ১১ ডিচেম্বৰত ভৰ্তি কৰিছিল জোনালীক। চিকিৎসা প্ৰতিস্থান খনৰ ডাক্তৰ সিদ্ধাৰ্থ বৰুৱাৰ অধীনত চলিছিল জোনালীৰ চিকিৎসা। সুস্থ শৰীৰে মটৰ চাইকেলত বহি চিকিৎসালয়লৈ অহা যুৱতী গৰাকীৰ অস্তোপচাৰৰ পিছতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে।

স্বাস্থ্যৰ দ্ৰুত অবনতি হোৱাত, ক’মা অৱস্থাত ভেণ্টিলেটৰত ৰাখিব লগীয়া হয় যুৱতী গৰাকীক। পৰিয়ালৰ লোকৰ অজ্ঞাতে ৰখা জোনালী অবশেষত কৰুণ মৃত্যুক সাৱটি লয়। পৰিয়ালৰ লোকৰ অভিযোগ, জোনালী কলিতা ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মুখত পৰে।

অভিযোগৰ আঙুলি এনাষ্ঠেচিয়া বিভাগৰ চিকিৎসক ড° ৰাহুলৰ বিৰুদ্ধে। এনাষ্ঠেচিয়া প্ৰদানৰ পিছৰপৰা সংজ্ঞা ঘুৰি অহা নাছিল যুৱতী গৰাকীৰ। অভিযোগৰ বিপৰীতে এনাষ্ঠেচিয়া চিকিৎসক গৰাকী বৰ্তমানে গা-এৰা দিয়া বুলি জানিব পৰা গৈছে। ৰহস্যজনক ভাৱে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ পৰাও আঁতৰি থাকে চিকিৎসালয়খনৰ জন-সম্পৰ্কৰক্ষী বিষয়া মৃনাল আলী হাজৰিকা। জোনালীৰ মাতৃৰ ভাষ্য অনুসৰি, এবছৰ পূৰ্বে সংঘটিত এটি বাইক দুৰ্ঘটনাত জোনালী কলিতাৰ এখন ভৰি ভাগিছিল আৰু জি এন আৰ চিত আৰোগ্য লাভ কৰিছিল । মাঘত স্থানীয় যুৱকৰে বিয়াত বহাৰ কথা আছিল জোনালীৰ ।

আৰোগ্য লাভ কৰা জোনালীয়ে ভৰিৰ পাতি খুলিবলৈ অনিচ্ছা প্ৰকাশ কৰি সুস্থ বুলি কৈছিল ।চিকিৎসালয়ত ভৰ্তিৰ পিছতে ৰহস্যজনকভাবে জোনালীৰ মৃত্যুৰ খবৰ মানি লব পৰা নাই পৰিয়াল তথা আত্মীয়ই। যাৰবাবে এক দণ্ডাধীশ পয্যায়ৰ তদন্তৰ জৰিয়তে চিকিৎসালয় খনৰ তদন্ত কৰি জোনালীৰ মৃত্যুৰ বাবে যিসকল দায়ী সেইসকলক শাস্তিবিহাৰ দাবী জনাইছে সচেতন ৰাইজে। ইফালে মৃতকৰ পৰিয়ালক মেনেজ কৰি পৰিস্থিতিৰ পৰা হাত সৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে মৃনাল আলি হাজৰিকাৰ বিৰুদ্ধে।

উল্লেখ্য যে যোৱা অক্টোবৰ মাহত একে ৰোগৰ দুগৰাকী মহিলাৰ বেজী ওলট পালট হৈ কৰুন মৃত্যুক সাবটিছিল শুৱালকুছিৰ পিৰলা দাসে । মিৰ্জাৰ নিৰলা দাসৰ বেজী পিৰলা দাসৰ দেহত প্ৰয়োগৰ বাবেই কৰুণ মৃত্যুক সাবটাৰ অভিযোগ উঠিছিল।

পিছে প্ৰাণঘাটক জি এন আৰ চি হস্পিতালক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ আৰত দিছপুৰৰ প্ৰভাব থকাৰ বু বা চলিছে ৰাইজৰ মাজত । যাৰবাবে এই কথা মিছা প্ৰমাণিত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মাক উক্ত সন্দৰ্ভত হস্তক্ষেপ কৰি মৃত্যুৰ দূতলৈ পৰিণত হ’ব ধৰা জি এন আৰ চি হাস্পতালত সংঘটিত ঘটনা সমূহৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

Leave A Reply