১৭ জানুৱাৰী,২০২৫: Jonbeel ।জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ । যাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে অসমবাসীয়ে । জোনবিল মেলাৰ আছে এক পৌৰাণিক ইতিহাস । মৰিগাঁও জিলাৰ মধ্যৱৰ্তী জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত থকা এখন বিল জোনবিলৰ পাৰত অনুষ্ঠিত হয় এই জোনবিল মেলা । জোনবিল মেলাৰ আৰম্ভণি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল, তাৰ ইতিবৃত্তি সঠিকভাৱে নাই যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এই মেলা প্ৰচলিত হোৱা বুলি গৱেষকসকলে মত পোষণ কৰিছে ।
জনশ্ৰুতি অনুসৰি, গোভা ৰাজ্যৰ প্ৰতিষ্ঠাপক গোভা ৰজাই এদিন ৰাণীৰ সৈতে নৌকা বিহাৰ কৰি ঘূৰি ফুৰোতে এখন বিলৰ কাষ পাইছিল আৰু নিশাৰ বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি উজ্জ্বলি উঠিছিল । তাকে দেখি ৰজা ৰাণীৰ মন আনন্দত উৎফুল্লিত হৈ পৰিছিল আৰু তেতিয়া ৰজাই ৰাণীক কৈছিল ‘‘এইখন জোনটোৰ দৰে বিল’’ । তেতিয়াৰ পৰাই এই বিলখনৰ নাম জোনবিল হোৱা বুলি জনবিশ্বাস ।
এই মেলাৰ প্ৰধান তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত আলু , কচু আদি সামগ্ৰী ভৈয়ামত বসবাস কৰা তিৱা তথা অন্যান্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, মাছ আদিৰ সৈতে বিনিময় কৰে । অৰ্থাৎ এই দিনটোত কিছু ঘণ্টাৰ বাবে অচল হৈ পৰে মুদ্ৰা ।