Breaking

পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ চৰ্চাত জোনমনি শইকীয়া

0 2,229

সমাগত বিধানসভা নিৰ্বাচন ২০২১। অসমত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক দল আৰু নেতা কৰ্মী সকলৰ মাজত প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ চৰ্চা। কি শাসক কি বিৰোধী দিছপুৰ ‌দখলৰ বাবে ককালত টঙালি বান্ধিছে সকলো ৰাজনৈতিক দলে।সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থীত্ব প্ৰত্যাশি সকলৰ মাজত বিভিন্ন আলোচনা।
প্ৰশ্ন এটাই নিজৰ দলৰ পৰা কোনে পাব প্ৰাৰ্থীত্ব।তেনে সময়তে পানেৰী বিধানসভা সমষ্টিৰ বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশি জোনমনি শইকীয়াৰ নাম বাৰুকৈয়ে চৰ্চালৈ আহিছে।একালত দুৰদৰ্শনৰ অভিনয়ৰ লগত জড়িত‌ মহিলা সংগঠক, শিল্পী সমাজৰ নেত্ৰী ওদালগুৰি জিলাৰ টংলা চহৰৰ বাসিন্দাজোনমনি শইকীয়া বৰ্তমান বিজেপি দলৰ ওদালগুৰি জিলাৰ কাৰ্যনিৰ্বাহক।আমাৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জোনমনি শইকীয়াৰ দাবী:— সুবিধা পালে পানেৰী সমষ্টিৰ ৰাইজৰ বাবে ‌ৰাইজৰ মাজৰ পৰা কাম কৰি যাব শইকীয়াই।লগতে শইকীয়াই কয় যে, টিকটৰ বাবে আশা ‌কৰিছোঁ আৰু ‌ৰাইজে‌ মোকলৈ যথেষ্ট আশা কৰি আগবাঢ়ি গৈছে। যদি টিকত পোৱা যায় তেনেহলে ৰাইজৰ বাবে কাম কৰি যাম। আৰু ৰাইজে জানে যে ‌মই সমাজৰ বাবে কি কৰি আহিছোঁ বা কি কৰি আছোঁ। বৰ্তমান ৰাইজে ভাবিছে যদি মোক দলে টিকত দিয়ে কাম কৰি‌ ৰাম বুলি আশা কৰিছে। সুবিধা পালে মনে প্ৰাণে ৰাইজৰ হৈ কাম কৰি যাম।

Leave A Reply