Breaking

‘গ্ৰীফন চেলেঞ্জ ট্ৰফী’ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৰহাট চেম্পিয়ন

0 51

শিৱসাগৰ ‘গ্ৰীফন ক্লাব’ৰ উদ্যোগত চহৰৰ বডিং খেলপথাৰত অনুষ্ঠিত হোৱা ‘গ্ৰীফন চেলেঞ্জ ট্ৰফী’ সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে যোৰহাটে।

এক পক্ষীয় ফাইনেলত যোৰহাট দলে গোলাঘাট দলক ১০৩ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে লাভ কৰে ‘শিক্ষাবিদ স্বৰ্গীয় ঈশ্বৰ লাল চাহু সোঁৱৰণী বঁটা আৰু নগদ ধন।

প্ৰথমে বেটিং কৰি যোৰহাটে দুই প্ৰাৰম্ভিক বেটচ’মেন জুতিকা ৰায়ৰ ৫৯, কল্পনা চাওতালৰ ৩৭ আৰু মধ্যক্ৰমৰ বেটচ’মেন বেদশ্ৰী বৰপাত্ৰগোঁহাইৰ আক্ৰমণাত্মক ২২ ৰানৰ সহায়ত ১৭০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গোলাঘাটে ১৯.২ অভাৰত সকলো উইকেট হেৰুৱায় ৬৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

যোৰহাটৰ কল্পনা চাওতালে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ‘স্বৰ্গীয় শৈলেন বৰদলৈ সোঁৱৰণী বঁটা’ লাভ কৰাৰ বিপৰীতে গোলাঘাটৰ খুচি কুমাৰীয়ে সকলো দিশতে অনবদ্য প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ‘শিক্ষাবিদ, সাংবাদিক স্বৰ্গীয় দেবেন শইকীয়া সোঁৱৰণী বঁটা লাভ কৰাৰ লগতে প্ৰতিযোতাখনিত মুঠ ১৯২ ৰান সংগ্ৰহ কৰি শ্ৰেষ্ঠ বেটচ’মেনৰো সন্মান লাভ কৰে।

আনহাতে যোৰহাটৰ কাকলী শইকীয়া প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰ হিচাপে বিবেচিত হয়। খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন দত্ত, শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, সম্পাদক মনোজ ভাগৱতী, জ্যেষ্ঠ সাংবাদিক ইনামুল হাজৰিকা, সুমেশ ডেকা আৰু দাতা পৰিয়ালৰ সদস্যসকলৰ লগতে যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে।

Leave A Reply