Breaking

পশ্চিম যোৰহাটৰ হত্যাকাৰী সন্ধান বিচাৰি উলিয়ালে যোৰহাট আৰক্ষীয়ে…

0 69

পশ্চিম যোৰহাটৰ খঙীয়া মৌজাৰ পাখিমাৰী গাঁওত ২৮ নম্বেৰ নিশা এক জঘন্য বৰ্বৰ হত্যা কাণ্ড সংঘটিত হৈছিল ৰাজপথত পৰি আছিল পাখি মাৰি গাঁওৰ ৰাতুল বৰা নামৰ এজন ৪০বছেৰীয়া যুৱকৰ মৃতদেহ স্থানীয় ৰাইজে উক্ত মৃতদেহটো ৰাজ পথত পতক্ষ্য কৰি খবৰ দিছিল সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰৰৈয়া আৰক্ষী চকীত আৰক্ষী আহি ঘটনা স্থলীত উপস্থিত হয় ঘটনা স্থলীত নিশা মৃত দেহটো যোৰহাট চিকিৎসা মহাবিদ্যালযলৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ইতিমধ্যে স্থানীয় ৰাইজে দাবী কৰিছিল

হত্যা কাৰী চিনাক্ত কৰিবলৈ মৃত ৰাতুল বৰা ভাতৃয়ে উচিত তদন্ত বিচাৰি এটা গোচৰ ৰুজু কৰিলে ৰৰৈয়া আৰক্ষী চকীত গোচৰ নং৮৮৬/২২ ধাৰা ৩০২/ Ipc উক্ত গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৰহাট আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক সহ ৰৰৈয়া আৰক্ষী চকীৰ লগতে সদৰ আৰক্ষী থানা পুলিবৰ আৰক্ষী থানা সহযোগত চাৰিদিন কৈ চলা হত্যাকাৰী অভিযানত সফল হ’ল যোৰহাট আৰক্ষী জানিব পৰা মতে একে গাওৰে নিবাসী দাদুল হাজৰিকা পথেৰে আহি থকা অৱস্থাত ৰাতুল বৰাই পিছ ফালৰ পৰা ৰদৰে প্ৰহাৰ কৰে তাৰ পিছত দাদুলৰ লগত থকা সহযোগী হত্যাকাৰী অনন্ত মাধৱ হাজৰিকা সহ দাদুল হাজৰিকাই এখন চোকা কপিদাই ডিঙি কাটি হত্যা কৰো বুলি আৰক্ষী ওচৰত স্বিকাৰ কৰে।

বৰ্তমান তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে চোকা অস্ত্ৰ জব্দ কৰিছে বৰ্তমান সময়লৈকে তদন্ত অৱ্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে। পশ্চিম যোৰহাটৰ খঙীয়া মৌজাৰ পাখীমাৰি গাঁওত হোৱা এনে নাৰকীয় অমানুষিক হত্যাকাণ্ড ই পশ্চিম যোৰহাটত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে জানিব পৰা মতে পাখি মাৰি টেকেলা গাঁৱত খঙীয়াত কেইবাখনো মদৰ দোকান নিশা ভাগলৈ খুলি পৰিবেশ বিনষ্ট কৰা অভিযোগ উত্থাপিত হৈছে

Leave A Reply