Breaking

সদৌ অসম কবি সন্মিলনৰ যোৰহাট অধিবেশন।মুখপত্ৰ ‘সমলয়’কে ধৰি অৰ্ধশতাধিক গ্ৰন্থ উন্মোচন…

0 203

সদৌ অসম কবি সন্মিলনৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ যোৰহাট অধিবেশনখনি বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা ৯ অক্টোবৰৰ নিশা সফল সামৰণি পৰে। যোৱা ৭ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনৰ প্ৰথমদিনা পুৱা ৯ বজাত অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিজ্ঞানী, বিশিষ্ট কবি ড০ পৰাণ বৰুৱাই মুখ্যদ্বাৰ উদ্ ঘাটন কৰি অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৯.৩০ বজাত বন্তি প্ৰজ্বলন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আনন্দ দত্তই। ১০ বজাত অ’, এন, জি, চিৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া জীতেন্দ্ৰ সোণোৱালে গ্ৰন্থমেলাৰ দ্বাৰ উত্তোলন কৰাৰ পাছতে ১১ বজাত ড০ বেণু গগৈ স্মৃতিত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক তথা কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনিল শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ড০ বন্দিতা গোস্বামী শইকীয়াই। বিশিষ্ট ভাষাবিদ ড০ বসন্ত কুমাৰ গোস্বামী, বিনীতা দত্ত, ড০ অখিল চক্ৰৱৰ্তী, ড০ অদিতি বেজবৰুৱা, হৰেণ গগৈ, বংশী বৰা, ড০ ৰাতুল চন্দ্ৰ বৰা, যোগমায়া গগৈ, ড০ অঞ্জন শইকীয়া, ড০ ৰুণিমা বৰুৱা উন্মোচক হিচাপে উপস্থিত থকা গ্ৰন্থ উন্মোচনী কাৰ্যসূচীত প্ৰথিতযশা কথাশিল্পী ড° নগেন শইকীয়াৰ ‘কবিতাৰ সময়’, ‘প্ৰেম গগৈৰ ৰচনা সমগ্ৰ’, ‘জুলিয়ানা বেগমৰ কবিতা আৰু ৰচনা সম্ভাৰ’ মুখপত্ৰ ‘নতুন কবিতা’কে ধৰি ডেৰকুৰিৰো অধিক গ্ৰন্থ উন্মোচন হয় । বিয়লি ৩ বজাত ড০ জিনতু হাজৰিকাৰ স্মৃতিত অনুষ্ঠিত হেমচন্দ্ৰ গগৈৰ সঞ্চালনত সতীৰ্থ কবি সন্মিলন অনুষ্ঠিত হয়। সন্ধিয়া ৬ বজাত পৃথক প্ৰেক্ষাগৃহত অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মুকলি প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই। এই কাৰ্যসূচীতে ৩৫খন পতাকা উত্তোলন কৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সদৌ অসম কবি সন্মিলনৰ বিষয়ববীয়া সকলে। তাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আদৰণী সমিতিৰ সভাপতি ড০ মানিক শইকীয়াই। দিনৰ ১২ বজাত প্ৰথমখনি মুকলি সভা অনুষ্ঠিত হয়। প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ইন্দ্ৰজিৎ কুমাৰ বৰুৱাই। ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাতেই বিপুল কুমাৰ দিহিঙীয়াৰ সম্পাদনাত প্ৰকাশিত সন্মিলনৰ মুখপত্ৰ ‘সমলয়’ উন্মোচন কৰে প্ৰাক্তন সভাপতি জুলিয়ানা বেগমে। সভাতেই বাবলু্প্ৰসাদ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত ‘দিচৈ-বাহাৰ’, দেৱজিৎ গোস্বামীৰ সম্পাদনাত প্ৰকাশিত ‘গাণ্ডীৱ’কে ধৰি বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি নীলকান্ত শইকীয়াৰ কাব্য সংকলন ‘ নৈতিক-অনৈতিক’কে ধৰি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। বিয়লি ৩ বজাত সন্মিলনৰ প্ৰতিষ্ঠাপক সদস্য, সন্মানীয়, হিতৈষী, আজীৱন সভ্য সন্মিলন অনুষ্ঠিত হয়। দেৱজিৎ দত্তৰ সঞ্চালনত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে নৰহৰি চুতীয়াই। ৫ বজাত মদিৰা শইকীয়া ভূঞাৰ স্মৃতিত কাব্য নন্দিনী অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট কবি-সমালোচক ড০ জ্যোতিৰেখা হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে বিশিষ্ট কবি ডাঃ নীলাক্ষী চলিহা গগৈয়ে। সন্ধিয়া ৬.৩০ বজাত পৃথক মঞ্চত প্ৰতিনিধি আৰু বিসয়বাছনি সভা অনুষ্ঠিত হয়। অধিৱেশনৰ শেষৰ দিনা দিনৰ ১২ বজাৰ পৰা দ্বিতীয় মুকলি সভা অনুষ্ঠিত হয়। প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ড০ পৰাণ বৰুৱাই। আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট কবি অজিত কুমাৰ বৰদলৈয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কবি প্ৰাণ আনন্দ দত্তই। সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে হিন্দী সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক কান্ জিভশ ভাই পেটেলে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট কবি প্ৰেম গগৈ, নীলকান্ত শইকীয়া, দেৱজিৎ দত্ত, হেমনাৰায়ণ দত্ত, হৰেণ গগৈ, গংগা মোহন মিলিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। মুকলি সভাতে সন্মিলনৰ বঁটাসমূহ প্ৰদান কৰা হয়। বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুনক ‘সাহিত্য ভাস্কৰ’, বিশিষ্ট সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাক ‘কাব্যৰত্ন’, বিশিষ্ট সাহিত্যিক ড০ মানিক শইকীয়াক ‘ কবিপ্ৰাণ’, জুলিয়ানা বেগমক ‘কাব্য মহীয়সী’, পৰাগজ্যোতি মহন্তক ‘ড০ কুতুবুদ্দিন আহমেদ কাব্য বঁটা’ প্ৰদান কৰাৰ লগতে অন্যান্য বঁটাসমূহো সভাতেই প্ৰদান কৰা হয়। সন্মিলনৰ মূল কাৰ্যালয়ৰ বাবে ভূমি দাতা এলিজা বেগমক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

অতিথি কবি সন্মিলনেৰে সফল সামৰণিঃ

সন্ধিয়া ৬.৩০ বজাত ডাঃ প্ৰণয় ফুকনৰ সঞ্চালনাত অতিথি কবি সন্মিলন অনুষ্ঠিত হয়।
ডেৰকুৰিৰো অধিক কবিৰ কবিতা পাঠেৰে অধিৱেশনৰ শেষৰ দিনা নিশা ৯ বজাত সফল সামৰণি পৰে সদৌ অসম কবি সন্মিলনৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক যোৰহাট অধিবেশন। ৭ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ যোৰহাটৰ শ্ৰীশ্ৰীপিতাম্বৰ দেৱগোস্বামী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ পুৰ্ণাংগ যোৰহাট অধিবেশনৰ কালি সন্ধিয়া অতিথি কবি সন্মিলনেৰে নিশা ৯ বজাত সামৰণি পৰে। ৬.৩০ বজাৰ পৰা মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত অতিথি কবি সন্মিলনখনি উদ্বোধন কৰে বিশিষ্ট কবি তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া কৌস্তুভমণি শইকীয়াই। তেওঁ ভাষণ প্ৰসংগত সদৌ অসম কবি সন্মিলনৰ জন্মলগ্নৰ সেই সোণালী দিনবোৰ ৰোমন্থন কৰি আবেগিক হৈ পৰে। তেওঁ পথাৰ কবি ৰাম গগৈৰ কাব্য সাধনা সম্পৰ্কেও উল্লেখ কৰে। বিশিষ্ট কবি তথা চিকিৎসক ডাঃ প্ৰণয় ফুকনে সঞ্চালনা কৰা কবি সন্মিলনখনি আঁত ধৰে সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ ‘সমলয়’ৰ প্ৰাক্তন সম্পাদক বিপুল কুমাৰ দিহিঙীয়াই। দেশৰ প্ৰথিতযশা হিন্দী সাহিত্যিক গুজৰাটৰ কান্ জি ভাই পেটেল, বিশিষ্ট কবি-সমালোচক দিলীপ ফুকন, ৰুদ্ৰসিংহ মটক, অজিৎ গগৈ, অংকুৰ ৰঞ্জন চাংমাই, বিজয় ৰবিদাস, ত্ৰিদীপ বৰগোহাঞি, কৃষ্ণকায় মাঝি, জয় কুমাৰ দলে, ড০ দীপক কুমাৰ দলে, বিপুল কুমাৰ দিহিঙীয়া, অংকুৰ বৰগোহাঞি, ভাৰতী গগৈ, ভূপেন গগৈ, মদাৰজ্যোতি, প্ৰদীপজ্যোতি শইকীয়া, সুদীপ্ত নয়ন গোস্বামী, পাৰি ৰংপী, ভৱপ্ৰসাদ দেউৰী, কৌস্তুৱ খাউণ্ড, বিতোপন গগৈ, হেমন্ত ভাৰতী, সূৰ্যকমল বনিয়া, ভৱেন চন্দ্ৰ নাথ, প্ৰশান্ত শইকীয়া, তুলিকা দেৱী, মিনতি দেৱী কাকতি, হাচিনা মমতাজ্, ইন্দিৰা পাও গগৈ, মফিদা বেগম, নৱনীতা লেখাৰু, দীপাংকৰজ্যোতি বৰা, বিকি নেওগ, লক্ষ্যজ্যোতি বৰাকে ধৰি ডেৰকুৰিৰো অধিক অতিথি আৰু স্থানীয় কবিয়ে কবিতা পাঠ কৰি যোৰহাট নগৰ জীপাল কৰি তোলে। সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি বিশিষ্ট কবি প্ৰদীপ শইকীয়া, প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি জুলিয়ানা বেগম, আদৰণী সমিতিৰ সভাপতি তথা বিশিষ্ট লেখক ড০ মানিক শইকীয়া, প্ৰাক্তন সম্পাদক উজ্জ্বল পাওগামকে ধৰি বিশিষ্ট ব্যক্তি অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি অনুষ্ঠান সজীৱ কৰি তোলে। কবিতা অনুষ্ঠানতে লখিমপুৰৰ পৰা অহা সদৌ অসম কবি সন্মিলনৰ প্ৰতিনিধি তথা শিল্পী নিতুল বৰুৱাই বাঁহী বাদন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে বয়োজ্যেষ্ঠ সবিতা দত্তই এটি গীত পৰিৱেশন কৰি কবি সন্মিলনখনি প্ৰাণৱন্ত কৰি তোলে। সঞ্চালক ডাঃ প্ৰণয় ফুকনে সঞ্চালকৰ ভাষণ প্ৰসংগত এনে কবিতানুষ্ঠানে সদৌ অসম কবি সন্মিলনক জীপাল কৰি এক গতিময়তা দিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। পঠিত কবিতাৰ সম্পৰ্কেও তেওঁ মাজে-মধ্যে মন্তব্য আগবঢ়াই যায়। উল্লেখ্য যে অতিথি কবিসকলক সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা একোখনকৈ আদৰণী পত্ৰ আৰু ফুলাম গামোচাৰে আদৰণী জনোৱা হয়।

বংশী বৰা সভাপতি, চৈয়দ পাৰভিজ হুচেইন প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিতঃ
অধিৱেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি সভাত বংশী বৰাক সভাপতি আৰু চৈয়দ পাৰভিজ হুচেইন প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। উল্লেখ্য যে সভাপতি আৰু প্ৰধান সম্পাদক বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ লগতে ২০২০-২০২৪ বৰ্ষৰ কাৰ্যনিৰ্বাহকখনি নিৰ্বাচিত কৰা হয়।

Leave A Reply