চাবুৱালৈ গৌৰৱ কঢ়িয়ালে জাৰ্ণেলিকা বৰুৱাই

অসম লোকসেৱা আয়োগ পৰীক্ষাত সফলতা অৰ্জন চাবুৱাৰ জাৰ্ণেলিকাৰ

অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত(অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ)ৰ পৰীক্ষাত ২২স্থান লাভ কৰি inspector of Statistics হিচাপে উত্তীৰ্ণ হল চাবুৱাৰ বিশমাইল চুনিচুক গাৱৰ জাৰ্নেলিকা বৰুৱা

অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিচট্ৰিঙ্কচন, হায়াৰ চেকেণ্ডেৰীত ডিচট্ৰিঙ্কচন লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি এ পি এছ চি ত অৱতীৰ্ণ হৈছিল ।

ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কৰ্মী তথা পানীতোলা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পাৰুল বৰুৱা আৰু শিক্ষক পল্লৱ বৰুৱাৰ জ্যেষ্ঠ কন্যা জাৰ্নেলিকা ।‌

Related Articles